অপৰাধদিল্লীভাৰতৰাজনৈতিকৰাষ্ট্ৰীয় সুৰক্ষা

পুনৰ বিপদত লালু প্ৰসাদ যাদৱ আৰু কন্যা মিছা ভাৰতী, ১৭টা স্থানত চিবিআইৰ তালাচী…

চিবিআইৰ সূত্ৰ মতে, লালু প্ৰসাদ যাদৱ ৰেল মন্ত্ৰী হৈ থাকোতেই এই কেলেংকাৰী সংঘটিত হৈছিল। 

চাকৰিৰ বাবে ভূমি কেলেংকাৰী। ভূমি কেলেংকাৰী সন্দৰ্ভত ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ কন্যা মিছা ভাৰতীৰ সৈতে সম্পৰ্কিত ১৭ টা স্থানত চিবিআইৰ তালাচী। পাটনা, গোপালগঞ্জ আৰু দিল্লীৰ কেইবাটাও ঠাইত তালাচী চলাইছে চিবিআইয়ে।

 

অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী গৰাকীয়ে চাকৰিৰ বিনিময়ত কিছু অংশ ভূমি লোৱাৰ অভিযোগ উঠিছে।  চিবিআইৰ সূত্ৰ মতে, লালু প্ৰসাদ যাদৱ ৰে’ল মন্ত্ৰী হৈ থাকোতেই এই কেলেংকাৰী সংঘটিত হৈছিল। চিবিআইয়ে দাবী কৰিছে যে, “লালু প্ৰসাদ যাদৱ ৰে’ল মন্ত্ৰী হৈ থাকোতে নিৰ্দিষ্ট লোকৰ চাকৰিৰ বিনিময়ত ভূমি লোৱা হৈছিল। ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে প্ৰাৰম্ভিক তদন্ত।

 

উল্লেখ্য় যে, কেইসপ্তাহমান পূৰ্বে পশুখাদ্য জালিয়াতিৰ গোচৰত লালু প্ৰসাদ যাদৱক জামিনত মুক্তি দিয়া হৈছিল। তেওঁ ইতিমধ্যে পশুখাদ্য জালিয়াতিৰ সৈতে জড়িত আগৰ চাৰিটা গোচৰত দোষী সাব্যস্ত হৈছে আৰু পঞ্চম আৰু চূড়ান্ত গোচৰতো অভিযুক্ত কৰা হৈছে। ৯৫০ কোটি টকাৰ পশুখাদ্য কেলেংকাৰীৰ ফলত অবিভক্ত বিহাৰ জিলাৰ চৰকাৰী কোষাগাৰৰ পৰা ৰাজহুৱা পুঁজি অবৈধভাৱে উলিওৱা হৈছিল। লালু প্ৰসাদক ১৪ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল আৰু ৬০ লাখ টকাৰ জৰিমনা বিহা হৈছিল। দুমকা, দেওঘৰ আৰু চাইবাছাৰ কোষাগাৰৰ সৈতে জড়িত চাৰিটা গোচৰত তেওঁক জামিন দিয়া হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.