leatest updateঅসমদৈনিক বাতৰিভাৰত

মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানি।

৪ মে’ৰ ঘটনাৰ ১৪ দিন পিছতহে কিয় FIR ৰুজু কৰা হ’ল বুলি মণিপুৰ চৰকাৰক প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ।

মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানি। ৪ মে’ত সংঘটিত দুই যুৱতী মহিলাক বিবস্ত্ৰ কৰি সমদল উলিওৱা আৰু ধৰ্ষণ কাণ্ডক লৈ ক্ষুব্ধ সৰ্বোচ্চ ন্যায়ালয়। ৪ মে’ৰ ঘটনাৰ ১৪ দিন পিছতহে কিয় FIR ৰুজু কৰা হ’ল বুলি মণিপুৰ চৰকাৰক প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ। মণিপুৰৰ ভয়াৱহ ভাইৰেল ভিডিঅ’ৰ ঘটনাত মণিপুৰ আৰক্ষী জড়িত থকাৰ অভিযোগ গোচৰীয়া পক্ষৰ অধিবক্তা কপিল চিবালৰ।

ভুক্তভোগী মহিলাক উন্মত্ত জনতাৰ হাতত গতাই দিয়া হৈছিল বুলিও অভিযোগ অধিবক্তা কপিল চিবালৰ। উক্ত ঘটনাত ভুক্তভোগী যুৱতী এগৰাকীৰ পিতৃ আৰু ভাতৃকো উন্মত্ত জনতাই হত্যা কৰা বুলি আদালতত তথ্য কপিল চিবালৰ। উল্লেখ্য যে ভাইৰেল ঘটনাৰ CBI তদন্তৰ সলনি বিশেষ তদন্তকাৰী দলৰ দ্বাৰা তদন্ত চলোৱাৰ দাবী ভুক্তভোগী পক্ষৰ আবেদনকাৰীৰ। সমগ্ৰ বিষয়টোৰ ওপৰত পুনৰ শুনানি ল’ব সৰ্বোচ্চ ন্যায়ালয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.