Educationঅসমজীৱনশৈলী

মৃদুল নাথৰ ‘জীৱনৰ ৰংবোৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

"প্ৰান্তীয় বুলি একো কথা নাই। আমি যি ঠাইত থিয় দি থাকোঁ‌ , তাকে আমি আমাৰ চিন্তা-চেতনাৰ বিকাশ আৰু উত্তৰণৰ দ্বাৰা কেন্দ্ৰ কৰি তুলিব পাৰোঁ‌"

মৃদুল নাথৰ গ্ৰন্থ ‘জীবনৰ ৰংবোৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

” প্ৰান্তীয় বুলি একো কথা নাই। আমি যি ঠাইত থিয় দি থাকোঁ‌ , তাকে আমি আমাৰ চিন্তা-চেতনাৰ বিকাশ আৰু উত্তৰণৰ দ্বাৰা কেন্দ্ৰ কৰি তুলিব পাৰোঁ‌ “– আজি গুৱাহাটীৰ গৌৰী সদনত মৃদুল নাথৰ গল্প সংকলন ‘ জীৱনৰ ৰংবোৰ ‘ উন্মোচন কৰি এই বক্তব্য আগবঢ়াই যশস্বী লেখক ড° ৰীতা চৌধুৰীয়ে। মৃদুল নাথে অন্তৰ্মনৰ বীক্ষা , বোধ আৰু চেতনক আৱিষ্কাৰ কৰি লেখাক নতুন এক ব্যাপ্তি আৰু গাম্ভীৰ্য দিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানটোত আন এজন উন্মোচক , বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে মৃদুল নাথ সমাজৰ কথা চিন্তা কৰা, সমাজক মননশীলতাৰে পৰ্যবেক্ষণ কৰা এজন অনুসন্ধিৎসু লেখক। গ্ৰন্থখনত জীৱনৰ বিভিন্ন দিশ, অভিজ্ঞতা আৰু ৰঙৰ প্ৰতিনিধিত্বমূলক এলানি লেখা সংকলিত হৈ আছে বুলি ও তেখেতে মন্তব্য কৰে ।
বিশিষ্ট লেখক ডা°অপূৰ্ব কুমাৰ শইকীয়াই কয় যে পৰ্যবেক্ষণ আৰু অনুসন্ধিৎসামূলক সৃষ্টিশীলতাৰে মৃদুল নাথৰ লেখা সমৃদ্ধ। অনুষ্ঠানটোত অৰ্ণৱ শইকীয়া, দিগন্ত কুমাৰ ভট্টাচাৰ্যকে ধৰি অসমৰ নৱ প্ৰজন্মৰ কেইবাগৰাকীও বিশিষ্ট লেখক উপস্থিত থাকে।
অনুষ্ঠানটোৰ আঁত ধৰে গল্পকাৰ জিন্তু গীতাৰ্থই ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.