Assambihubohag bihuFestivalleatest updateRegionalSocial

সাত বিহুৰ বিষয়ে জানেনে ? জানো আহক কিয় সাত বিহু পালন কৰা হয়?

চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়।

চাৰিওফালে এতিয়া বিহুৰ বতৰ। ৰাজ্যবাসীয়ে উলহ- মালহেৰে উদযাপন কৰিছে অসমীয়াৰ বাপতিসাহোন ৰঙালীক। ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। আহক জানো- গৰু বিহু,মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু।

A Brief Back-Story Of Bihu - The Hills Times

গৰু বিহু- হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথমটো দিনটো হল গৰু বিহু। গৰু বিহু চ’তৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয়। এই বিহুত পুৱাই নৈ, বিল বা পথাৰলৈ নি গৰুক মাহ-হালধিৰে নোৱাই গা ধুওৱা হয়। বাঁহৰ ছাটত গুঠি লোৱা লাও-বেঙেনা আদি গাত চটিয়াই গৰুৰ ন-শক্তি কামনা কৰা হয়। সন্ধিয়া পৰত গৰুক ন-পঘা দি, ঘৰে ঘৰে জাক দিয়া হয়। গৰু বিহুৰ দিনা এশএবিধ শাক খোৱা হয়। লগতে আমৰলি টোপ খোৱাৰ পৰম্পৰা আছে।
মূলতঃ এই বিহুৰ জৰিয়তে কৃষিকৰ্ম বাবে অপৰিহাৰ্য গৰু নিৰোগী হোৱাৰ লগতে শক্তিশালী হোৱাৰ কামনা কৰা হয় ৷

Rituals on Bohag Bihu

মানুহ বিহু- গৰু বিহুৰ পিছদিনাই পহিলা ব’হাগ। ১ ব’হাগৰ দিনাই উদযাপন কৰা হয় মানুহৰ বিহু। মানুহ বিহু দিনা ‘দোমাহী’ বোলা হয়। মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা ধুই কণিষ্ঠজনে জ্যেষ্ঠজনৰ সেৱা লয়। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও ইজনে-সিজনক বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়।

Bohag Bihu - Its Genesis and Celebrations

গোসাঁই বিহু- সাতবিহুৰ তৃতীয়টো দিন গোসাঁই বিহু হিচাবে পালন কৰা হয়। ব’হাগৰ দ্বিতীয় দিনত পালন কৰা হয় গোসাঁই বিহু। ঠাইভেদে এই বিহুক কুটুম বিহু বুলিও কোৱা হয় ৷ এই দিনটোত গাঁৱৰ ৰাজহুৱা ধৰ্মীয় স্থানত নাম- প্ৰসংগ কৰা হয়। বছৰটো কুশলে যাবলৈ নেদেখাজনৰ পৰা আশীষ লোৱা হয় ৷

Majuli residents indulge in centuries old traditional mud game

তাঁত বিহুঃ ব’হাগ বিহুৰ চতুৰ্থটো দিনত পালন কৰা হয় তাঁতৰ বিহু । অসমীয়া জনজীৱনৰ অতিকে আদৰৰ হয় ‘তাঁতশাল’। তাঁতশালত সপোন ৰঁচে অসমীয়া শিপিনীয়ে ৷ সেইদিনা অসমীয়া শিপিনীসকলে তাঁতশালৰ সজুঁলি সমূহ ভালকৈ মছি-কাছি বান্ধি ওপৰত উঠাই লয়।

Gamosa

নাঙলৰ বিহু- পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি ‘নাঙলৰ বিহু’। সেইদিনা কৃষিকাৰ্যত ব্যৱহৃত সা-সজুঁলিসমূহৰ ওচৰত চাকি-বন্তি জ্বলাই পালন কৰা হয় নাঙল বিহু ৷

আজি চাৰি বহাগ! বিশেষ মহত্ব আছে আজিৰ দিনটোৰ… – Pratham Khabar

চেনেহী বিহুঃ নাঙল বিহুৰ পাচদিনা জীয়ৰী বিহু অথবা চেনেহী বিহু পালন কৰা হয় ৷ বিহুৰ এই দিনটোত বিবাহিতা জীয়াৰীসকল মাতৃগৃহলৈ যোৱাৰ এক পৰম্পৰা আছে ৷ ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে। সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’ বোলা হয়।

File:Assamese Bihu.jpg - Wikipedia

চেৰা বিহু- সাতবিহুৰ অন্তিমটো দিন হৈছে চেৰা বিহু। কোনো কোনো ঠাইত এই বিহুক এৰা বিহু বুলিও কোৱা হয় ৷ চেৰা বিহুৰ দিনটোত দৈ আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰা আছে ৷ এই দিনটোতে বিচনীৰ বা লোৱা হয় আৰু গোৱা হয়- “নতুন কাপোৰ-পুৰণি কাপোৰে দিন যাওক; ন-ভাতে পুৰণি-ভাতে জীণ যাওক।” এইদৰে বিচনীৰ বা ল’লে গোটেই বছৰটো গা শাঁত পৰি থাকে বুলি লোকবিশ্বাস আছে ৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button