AssamElectionHimanta Biswa SarmaInternationalInternationalleatest updatenationalnorth eastPMo indiapoliticalSocialSocial Networkঅসম

অসমলৈ দুই ষ্টাৰ কেম্পেনাৰ

সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ

কাইলৈ দুদিনীয়া নিৰ্বাচনী কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বুধবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ’ব গুৱাহাটীত । নৰেন্দ্ৰ মোদীক আদৰিবলৈ বিজেপিয়ে চলাইছে ব্যাপক প্ৰস্তুতি । কাইলৈ পুৱা ১০ টা ৪৫ত কংগ্ৰছ নেত্ৰী প্ৰিয়ংকা গান্ধী উপস্থিত হ’ব যোৰহাট বিমান বন্দৰত ৷ বিজেপিয়ে যোৰহাটত গৌৰৱ গগৈক পৰাভূত কৰিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে । গৌৰৱ গগৈৰ হৈ কাইলৈ প্ৰচাৰত নামিব সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ।  তিতাবত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । তাৰ পিছত তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰিয়ংকাই । দুপৰীয়া ১১.৩০ মিনিটত তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্ব’ কৰিব তেওঁ । কাৰ্যসূচী অনুসৰি দুপৰীয়া ১২.৩০ বজাত যোৰহাটত সামৰণি পৰিব এই যাত্ৰাৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈ যোৰহাট লোকসভা সমষ্টিত নিজেই ১২ খনতকৈ অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে । আনহাতে ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী সভালৈ ব্যাপক তৎপৰতা দেখা গৈছে গৌৰৱ গগৈৰ । নিৰ্বাচনী প্ৰচাৰৰ মাজতে ইতিমধ্যেই জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আদিয়ে ভ্ৰমণ কৰি গৈছে যোৰহাট ৷ কেৱল প্ৰিয়ংকা গান্ধীয়েই নহয়, পৰহিলৈ ১৭ এপ্ৰিলত ৰাহুল গান্ধীয়েও যোৰহাটত গৌৰব গগৈৰ হৈ এক জনসভাত প্ৰচাৰ চলোৱাৰ কথা ৷ অৱশ্যে ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ কথা এতিয়ালৈ সবিশেষ ৰাজহুৱা কৰা নাই কংগ্ৰেছ দলে ৷ প্ৰিয়ংকাৰ ৰোড শ্ব’ৰ দিনা, কাইলৈ ১৬ এপ্ৰিলত সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ নিশাটো গুৱাহাটীত কটাই বুধবাৰে পুৱা নলবাৰীত এখন জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । গুৱাহাটীত আনুষ্ঠানিকভাৱে মোদীৰ কোনো ৰোড শ্ব’ নাথাকিলেও গোপীনাথ বৰদলৈ এয়াৰ পৰ্টৰ পৰা জি এছ ৰোডলৈ প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বিজেপিয়ে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × five =

Back to top button