অসম

হাতত কৰচলি লৈ ব্যতিক্ৰমী ৰূপত কেবিনেট মন্ত্ৰী বিমল বড়া, ৰান্ধিছে আঞ্জা, বাঢ়িছে ভাত…

পিছে হঠাৎ বিলনিয়াৰ আৰু ৰান্ধনীৰ ৰূপত পথাৰৰ মাজত কিয় দেখিবলৈ পোৱা গ’ল টিংখং বিধান সভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াক?

এইবাৰ ব্যতিক্ৰমী ৰূপত ক্ৰীড়ামন্ত্ৰী বিমল বড়া। ৰাজনৈতিক কৰ্মব্যস্ততাৰ পৰা আঁতৰি হাতত কৰচলি লৈ আঞ্জা ৰন্ধাত ব্যস্ত মন্ত্ৰী বিমল বড়া।

শুকুৰবাৰে ৰান্ধনী আৰু বিলনিয়াৰ ৰূপত দেখা পোৱা গ’ল কেবিনেট মন্ত্ৰীগৰাকীক। পিছে হঠাৎ বিলনিয়াৰ আৰু ৰান্ধনীৰ ৰূপত পথাৰৰ মাজত কিয় দেখিবলৈ পোৱা গ’ল টিংখং বিধান সভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াক? আচলতে, অসম চৰকাৰৰ বিশেষ ছুটীৰ মজা লৈছে সকলোৱে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়াল সকলক নিজ পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰিবৰ বাবে মঞ্জুৰ কৰিছিল দুদিনৰ বিশেষ ছুটী। তাৰে প্ৰতিফলন দেখিবলৈ পোৱা গল টিংখং সমষ্টিৰ বিধায়ক বিমল বড়াক।

এই ছুটীৰ দিনত কেৱল নিজ ঘৰতে আৱদ্ধ নাথাকি ধোৱাপথাৰ-কেছেৰুগুৰিবাসীৰ আই-পিতাইৰ সৈতে একলগ হৈ এসাঁজ খোৱাৰ উদ্দশ্যে নিজে হাতে-কামে লাগি আয়োজন কৰে “আই-পিতাইৰ সৈতে প্ৰীতিৰে এসাঁজ “। লগে-ভাগে এসাঁজ খাই অঞ্চলবাসীৰ সৈতে বহুমূলীয়া সময় অতিবাহিত কৰে মন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানতে পৰৱৰ্তী সময়ত উপস্থিত হয় সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু ভাগ লয় প্ৰীতিভোজত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.