অপৰাধঅসমআঞ্চলিক

মন্ত্ৰী বিমল বৰাৰ নামত ধন দাবী কৰিলে দুষ্ট চক্ৰই

মন্ত্ৰী বিমল বৰাৰ নামত ভূৱা একাউণ্ট খুলি ধন দাবী কৰিছে দুষ্ট চক্ৰটোৱে

মন্ত্ৰী বিমল বৰাৰ নামত ধন দাবী কৰিলে দুষ্ট চক্ৰই, দিছপুৰ থানাত এজাহাৰ দাখিল

মন্ত্ৰী বিমল বৰাৰ নামত ভূৱা একাউণ্ট খুলি ধন দাবী কৰিছে দুষ্ট চক্ৰটোৱে। ভূৱা একাউণ্টেৰে কেইবাজনলৈও ধন বিচাৰি বাৰ্তা প্ৰেৰণ কৰিছে দুষ্ট চক্ৰটোৱে।

য’ত তেওঁলোকে মন্ত্ৰী বিমল বৰাৰ ফটো ব্যৱহাৰ কৰিছে। লগতে 7780915086 নম্বৰ ব্যৱহাৰ কৰি বিভিন্ন ব্যৱসায়ী, ACS বিষয়ালৈ ধন বিচাৰি মেচেজ দিছিল দুষ্ট চক্ৰটোৱে।

ফোন কৰিবলৈ মানা কৰি মেছেজত কথা পাতিবলৈ কোৱা হৈছিল। অনলাইনৰ যোগেদি ধন বিচাৰে এই চক্ৰটোৱে। ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট চক্ৰটোৱে ধন সৰকাইছে বুলি অভিযোগ উঠিছে।

এই সন্দৰ্ভত বিমল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ‘কোনো দুষ্ট চক্রই সহজে ধন ঘটিবৰ বাবে এই পন্থা হাতত লৈছে’। এই ঘটনাৰ বাবে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে মন্ত্ৰী বিমল বৰাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 1 =

Back to top button