AssamCity newsInternationalঅসমআমেৰিকাগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

আকৌ বিতৰ্কত সাঙোৰ খাইছে বিল ক্লিণ্টন, পুনৰ যৌন কেলেংকাৰি সম্পৰ্কীয় বিতৰ্কত ক্লিণ্টন…..

আকৌ বিতৰ্কত সাঙোৰ খাইছে বিল ক্লিণ্টন

পুনৰ যৌন কেলেংকাৰি সম্পৰ্কীয় বিতৰ্কত ক্লিণ্টন

২ জানুৱাৰীত ‘মুখা খোল খাব’ প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ

FBIএ ৰাজহুৱা কৰিব আদালতৰ একাংশ গোপন নথি

বিল ক্লিণ্টনৰ নাম এই নথিত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

শিশুকামিতাৰ গোচৰ সম্পৰ্কীয় নথি হ’ব ৰাজহুৱা

আমেৰিকাৰ ইতিহাসত কুখ্যাত শিশুকামি লোক প্ৰয়াত জেফ্ৰি এডৱাৰ্ড এপষ্টেইনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ গোপন নথি-পত্ৰ ২ জানুৱাৰীত ৰাজহুৱা কৰিব FBIএ। ফেডাৰেল ন্যায়াধীশৰ নিৰ্দেশমৰ্মে এই নথিসমূহ ৰাজহুৱা কৰা হ’ব। এই নথিসমূহ ৰাজহুৱা হ’লেই ৩৬গৰাকী শিশু-যুৱতীক যৌন নিৰ্যাতন তথা যৌন উপভোগৰ আহিলা হিচাপে ব্যৱহাৰ কৰা জেফ্ৰি এপষ্টেইনৰ হাইপ্ৰফাইল নিকট বন্ধুসকলৰ নাম পোহৰলৈ আহিব। এই বন্ধুৰ তালিকাত FBIৰ নথিত প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনক জন দ’ থাৰ্টিছিক্স হিচাপে ৰখা হৈছে। এপষ্টেইন আমেৰিকাৰ এজন ধনকুবেৰ ৱিত্তীয় ব্যৱসায়ী। আমেৰিকাৰ ৰাজনৈতিক ব্যৱসায়িক ক্ষেত্ৰৰ বহুসংখ্যক হাইপ্ৰফাইল ব্যক্তিৰে নিকট সম্বন্ধ ৰক্ষা কৰি নিজৰ ব্যৱসায়ৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল এপষ্টেইনে। অভিযোগ মতে, এপষ্টেইনে কোমল বয়সীয়া কন্যা শিশু তথা যুৱতীক যৌন উপভোগৰ আহিলা হিচাপে নিজে ব্যৱহাৰ কৰাৰ লগতে হাইপ্ৰফাইল বন্ধুসকললৈকো প্ৰেৰণ কৰিছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধৰ তথ্য নাই যদিও বিল ক্লিণ্টনৰ সৈতে থকা নিকট সম্পৰ্কই এপষ্টেইনৰ কুকাৰ্যত সহায়ক হোৱা বুলি চৰ্চিত হৈছে। এনে পৰিপ্ৰেক্ষিততে সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত এনে এক লজ্জাজনক অধ্যায়ৰ সৈতে ডেমক্ৰেট দলৰ অন্যতম আগশাৰীৰ নেতা বিল ক্লিণ্টনৰ নাম সাঙোৰ খাই পৰাটো দলটোৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.