AssamElectionleatest updatenationalPMo indiapoliticalSocial

৩ ৰাজ্যত চৰকাৰ গঠনৰ দিশে বিজেপি।

২০১৮ৰ নিৰ্বাচনত মাত্ৰ এখন আসন লাভ কৰা বিজেপিয়ে এই নিৰ্বাচনত লাভ কৰিলে ৮খনকৈ আসন।

৩ ৰাজ্যত চৰকাৰ গঠনৰ দিশে বিজেপি। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত হিন্দী বলয়ৰ তিনি ৰাজ্যত কংগ্ৰেছক কাৰ্যতঃ উৎখাত কৰি বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে। ৰাজস্থানত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৯৯খন আসনৰ ভিতৰত ১১৫খনতে জয়লাভ কৰিলে বিজেপিয়ে। মাত্ৰ ৬৯খন আসনতে সন্তুষ্ট হ’বলগীয়া হ’ল কংগ্ৰেছ। ইফালে মধ্যপ্ৰদেশৰ ২৩০খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিলে ১৬৩খন আসন। মধ্যপ্ৰদেশত পুনৰ চৰকাৰ গঠন কৰিব বুলি আশাবাদী হৈ থকা কংগ্ৰেছ দলৰ আসনৰ সংখ্যা ৬৬তে সীমাবদ্ধ থাকিল।

এই নিৰ্বাচনত সৱাতোকৈ আশ্বৰ্যজনক ফলাফল আহিল ছত্তীশগড়ৰ পৰা। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ এইবাৰ পুনৰ শাসনলৈ উভতি আহিব বুলি সৰ্বত্ৰ চৰ্চিত হৈছিল। কিন্তু ৰাজনৈতিক বিশ্লেষকৰ সকলো পূৰ্বানুমান নস্যাৎ কৰি ছত্তীশগড়ৰ জনতাই বিজেপিৰ হাতত দিলে শাসনৰ বাঘজৰী। ৰাজ্যখনৰ ৯০টা সমষ্টিৰ ভিতৰত ৫৪টা সমষ্টিতে জয়লাভ কৰে বিজেপি প্ৰাৰ্থীয়ে। কংগ্ৰেছে লাভ কৰিলে মাত্ৰ ৩৫খন আসন।

দেশৰ সৱাতোকৈ পুৰণি ৰাজনৈতিক দল হিচাপে চিহ্নিত কংগ্ৰেছ দলে তেলেংগানাক লৈয়েই সন্তুষ্ট থাকিবলগীয়া হ’ল। ৰাজ্যখনৰ ১১৯খন আসনৰ ভিতৰত ৬৪খন আসনত জয়লাভ কৰিলে কংগ্ৰেছে। শাসনাধিষ্ঠিত BRSৰ ১০ বছৰীয়া শাসনৰ অন্ত পৰিল তেলেংগানাত। কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন BRSএ লাভ কৰিলে মাত্ৰ ৩৯খন আসন। ৰাজ্যখনত বিজেপিৰ উত্থান মনকৰিবলগীয়া। ২০১৮ৰ নিৰ্বাচনত মাত্ৰ এখন আসন লাভ কৰা বিজেপিয়ে এই নিৰ্বাচনত লাভ কৰিলে ৮খনকৈ আসন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − four =

Back to top button