অসমপৰিৱেশ

বাক্সাত উদ্ধাৰ দুষ্প্ৰাপ্য শগুন, ধুমুহাত গছৰ পৰা সৰি পৰে শগুনটো…

শগুণটোক উদ্ধাৰ কৰি ৰাইজে পৰৱৰ্তী সময়ত গতাই দিয়ে বনবিভাগক৷ ঘটনাস্থলীত বনবিভাগৰ দল উপস্থিত হৈ অসুস্থ শগুনটো উদ্ধাৰ কৰি বাটাবাৰী ৰেঞ্জৰ কাৰ্যালয়লৈ লৈ যায়

বাক্সাৰ মেদাঘাটত উদ্ধাৰ দুষ্প্ৰাপ্য শগুন৷ শুকুৰবাৰে নিশা বাক্সাৰ ৰাইজে উদ্ধাৰ কৰে এই শগুনটো৷ গছত আশ্ৰয় লৈ থকাৰ সময়তে বৰষুণ, ধুমুহা অহাৰ ফলত গছৰ পৰা সৰি পৰে শগুনটো। শুকুৰবাৰে, এখন পথাৰত শগুনটো প্ৰত্যক্ষ কৰে এজন যুৱকে৷

বাক্সাত উদ্ধাৰ দুষ্প্ৰাপ্য শগুন, ধুমুহাত গছৰ পৰা সৰি পৰে শগুনটো...

অসুস্থ অৱস্থাত উদ্ধাৰ কৰা শগুনটোৰ গাত লাগি আছে আমেৰিকাত নিৰ্মিত GPS। শগুণটোক উদ্ধাৰ কৰি ৰাইজে পৰৱৰ্তী সময়ত গতাই দিয়ে বনবিভাগক৷ ঘটনাস্থলীত বনবিভাগৰ দল উপস্থিত হৈ অসুস্থ শগুনটো উদ্ধাৰ কৰি বাটাবাৰী ৰেঞ্জৰ কাৰ্যালয়লৈ লৈ যায়৷ ইতিমধ্যে, শগুনটোক সুস্থ কৰি তোলাৰ বাবে বনবিভাগে চিকিৎসকৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থা কৰিছে৷

বাক্সাত উদ্ধাৰ দুষ্প্ৰাপ্য শগুন, ধুমুহাত গছৰ পৰা সৰি পৰে শগুনটো...

বিলুপ্ত হোৱা এই শগুনটো প্ৰত্যক্ষ কৰি ৰাইজে বনবিভাগক গতাই দিয়াটো সঁচাকৈয়ে প্ৰশংসনীয়৷ শগুনটোৰ গাত লাগি থকা GPS আৰু অন্যান্য চিহ্ন চাই শগুনটো ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা অহা বুলি স্পষ্ট হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 16 =

Back to top button