অসমৰাজনৈতিক

অসম চৰকাৰৰ কেবিনেট বৈঠকঃ নতুনকৈ সজাই পৰাই তোলা হৈছে বঙাইগাঁৱৰ চহৰখন

এই কেবিনেটে বঙাইগাঁৱৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সহায় কৰিব বুলিও আশাবাদী সকলো

আজি বঙাইগাঁৱত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক। ইতিমধ্যে কেবিনেট বৈঠকৰ প্ৰস্তুতি সমাপ্ত হোৱাৰ লগতে নতুনকৈ সজাই পৰাই তোলা হৈছে বঙাইগাঁৱৰ চহৰ। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বঙাইগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ লোৱাটোক বিভিন্ন দল সংগঠনে আদৰণি জনাইছে যদিও এই কেবিনেটে বঙাইগাঁৱৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সহায় কৰিব বুলিও আশাবাদী সকলো।

মন কৰিবলগীয়া যে, বঙাইগাঁও এখন খিলঞ্জীয়া কোঁচ ৰাজবংশী জনগোষ্ঠী বসতিপ্ৰধান জিলা, জিলাখনৰ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক উত্তৰণৰ দিশত স্বাধীনতাৰ সুদীৰ্ঘ কাল পাছতো বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। ইতিমধ্যে কোঁচ-ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে এটা প্ৰেছ বিবৃতিযোগে বঙাইগাঁৱৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত এই কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

বঙাইগাঁৱৰ কেবিনেটলৈ অহাৰ সময়তো মন্ত্রীসকলে নামনি অসমৰ বিভিন্ন জিলাত সোমাই বিভিন্ন কাম–কাজৰ বুজ ল’ব আৰু উভতাৰ সময়তো একেদৰেই উভতিব৷ বঙাইগাঁৱৰ পাছত পৰৱর্তী কেবিনেট ডিচেম্বৰ মাহত হাফলঙত অনুষ্ঠিত হ’ব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.