অসমঅসম আৰক্ষীগুৱাহাটীভাৰত

কন্যা বন্দনাৰ পাপকৰ্মত জীয়াতু ভুগিছে পিতৃ-মাতৃয়ে

দেশ কঁপোৱা গুৱাহাটীৰ ডাবল মার্ডাৰৰ চাঞ্চল্য এতিয়াও অব্যাহত আছে। গুৱাহাটীৰ ডাবল মার্ডাৰৰ ঘটনাৰ খলনায়িকা বন্দনা কলিতা এতিয়া আৰক্ষীৰ জিম্মাত।

দেশ কঁপোৱা গুৱাহাটীৰ ডাবল মার্ডাৰৰ চাঞ্চল্য এতিয়াও অব্যাহত আছে। গুৱাহাটীৰ ডাবল মার্ডাৰৰ ঘটনাৰ খলনায়িকা বন্দনা কলিতা এতিয়া আৰক্ষীৰ জিম্মাত। আজি পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা বন্দনাক লৈ যোৱা হৈছে নুনমাটিলৈ। ধনটি আৰু অৰূপৰ সৈতে একেলগে জেৰা কৰা হ’ব বন্দনাক। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চলাব জেৰা।

উল্লেখযোগ্য যে পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ লালসাত স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই। অৰূপ ডেকা আৰু ধনটি ডেকাৰ সহযোগত স্বামী আৰু শাহুক হত্যা কৰাৰ পাছত মৃতদেহ টুকুৰা-টুকুৰ কৰি মেঘালয়ত পেলাই থৈ আহিছিল বন্দনাই। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহৰ টুকুৰা। বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ দেহৰ কিছু অংশও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

বন্দনা কলিতাৰ পিতৃয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে যে “মোৰ ছোৱালীয়ে যদি হত্যাকাণ্ড কৰিছে তেন্তে তাইক গুলীয়াই মাৰক। মোৰ কোনো আপত্তি নাই।”

ইফালে কন্যাই সংঘটিত কৰা পাপকৰ্মৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে পিতৃ-মাতৃয়ে। সমাজৰ পৰা এঘৰীয়া কৰা হ’ল বন্দনাৰ পিতৃ-মাতৃক। চুবুৰীয়াৰ আগত লাজত মূৰ উলিয়াব নোৱাৰা হৈছে ঘাতক বন্দনাৰ পিতৃ-মাতৃয়ে। সমাজচ্যুত কৰিছে তেওঁলোকক। বন্দনা কলিতাৰ মাতৃ কৰ্মৰত আছিল পানীখাইতিৰ বেঙেনাবাৰীস্থিত ২৮ নং অংগনবাদী কেন্দ্ৰত। বন্দনাৰ জঘন্য কাণ্ড পোহৰলৈ অহাৰ পাছতেই অংগনবাদী কেন্দ্ৰত মাতৃৰ প্রবেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিছে একাংশই। ক্ষুব্ধ ৰাইজে বন্দনাৰ মাতৃক অতি সোনকালে চাকৰিৰ পৰা নিলম্বন কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে।

পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ লালসাই অন্ধ কৰা বন্দনা কলিতাই পালে কি? এই পাপকৰ্মৰ ফল কেৱল তেওঁৱেই নুভুগে, ভুগিব তেওঁৰ সমষ্ট পৰিয়ালে। এই কলংক মচ খোৱা সম্ভৱ নহয়। প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি এই পাপৰ বদনাম ৰৈ যাব পৰিয়ালটোত। কোনোৱে কৰা পাপৰ শাস্তি ভুগিব লগা হৈছে নিৰীহ জনেও …..

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.