স্বাস্থ্য

আপুনিও দীৰ্ঘদিন ধৰি কঁকাল, পিঠি বিষত ভুগিছে নেকি! এই ঔষধবিধৰ জৰিয়তে নিৰাময় লাভ কৰক এই ৰোগৰ পৰা

হলাসনৰ জৰিয়তে উপশম লাভ কৰক এই ৰোগৰ পৰা

আজিকালি সততে শুনিবলৈ পোৱা এক ৰোগ হ’ল বিভিন্নধৰণৰ বিষ। বিশেষকৈ কঁকাল, ডিঙি, ভৰি-হাতৰ বিষেই প্ৰধানত। বৰ্তমানৰ ব্যস্ত জীৱনশৈলীৰ বাবে বহুলোকে কঁকাল, পিঠি,  ডিঙি, ভৰি-হাতৰ বিষত ভূগে। এই বিষসমূহৰ বাবে দৈনন্দিন কামত যথেষ্ট প্ৰভাৱৱ পৰে। শৰীৰত ভিটামিন-ডি ৰ অভাৱ হ’লে এই ৰোগসমূহে দেখা দিয়ে। বিশেষকৈ মহিলাসকলে পিঠিৰ বিষত অধিক আক্ৰান্ত হোৱা দেখা যায়। কাৰণ তেওঁলোকে ঘৰ আৰু কাৰ্যালয়ৰ কামৰ পৰা কিছু সময়ৰ বাবে ৰ’দত বহিবলৈ সময় নাপায়। যাৰ ফলত ভিটামিন-ডি ৰ অভাৱ ঘটে আৰু শৰীৰত দেখা দিয়ে বিষৰ সমস্যাই। এই পৰিস্থিতিত, তেওঁলোকে দুগ্ধজাত সামগ্ৰী, কাঠফুলা আদি বেছিকৈ খাব লাগে। ইয়াৰ উপৰিও, হলাসন কৰিব লাগে। যিয়ে আপোনাৰ পিঠিৰ বিষ আৰু ভাগৰ উপশম কৰিব। সেয়েহে ইয়াক কেনেদৰে কৰিব লাগে জানো আহক।

 

 

হলাসন এনেকুৱা এক যোগভঙ্গী যি শৰীৰৰ পেশীবোৰ শক্তিশালী কৰে আৰু লগতে চকু আৰু মগজুক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। হাপানি আৰু উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলে এই আসনবিধ কৰা উচিত নহয়। ইয়াৰ বাহিৰেও, যিসকলৰ ডিঙিত আঘাত আছে তেওঁলোকে ইয়াক অনুশীলন কৰা উচিত নহয়। এই আসন কেৱল যোগ প্ৰশিক্ষকৰ তত্বাৱধানত হে কৰিব লাগে। এই আসনৰ বাবে, আপুনি মেটত পিঠি পেলাই শুই দিয়ক। তাৰ পিছত দুয়োখন ভৰি একেলগে তুলি লওক আৰু মূৰৰ পিছফালৰ মাটি স্পৰ্শ কৰক।

আপুনিও দীৰ্ঘদিন ধৰি কঁকাল, পিঠি বিষত ভুগিছে নেকি! এই ঔষধবিধৰ জৰিয়তে নিৰাময় লাভ কৰক এই ৰোগৰ পৰা

 

 

এইটো যোগাসন কৰোঁতে মনত ৰাখিব যে আঁঠু বেঁকা নকৰে। এই আসনটো কৰিলে মনটো শান্ত হৈ থাকে। ইয়াৰ বাহিৰেও, শৰীৰ নমনীয় হয়, পিঠিৰ বিষৰ পৰা সকাহ দিয়ে, ভাগৰ উপশম কৰে, ওজন হ্ৰাস কৰে, পাচন তন্ত্ৰ শক্তিশালী কৰে আৰু চেনীৰ স্তৰ নিয়ন্ত্ৰণত থাকে। ইয়াৰ বাহিৰেও ই থাইৰইডৰ বাবেও উপকাৰী।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button