অসম

অসম গৌৰৱ লাভলীনালৈ ‘অসম সৌৰভ বঁটা’, আনুষ্ঠানিক নিমন্ত্ৰণী অসম চৰকাৰৰ

অনন্য ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰি অলিম্পিকৰ পদক বিজয়েৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰখনত অসমৰ নাম লাভলীনা বৰগোঁহাইক দ্বিতীয় ৰাজ্যিক অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

অৰ্জুন বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ’ব ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। লাভলীনাক প্ৰদান কৰা হ’ব অসম সৌৰভ বঁটা।

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে চলিত বৰ্ষৰ পৰা অসম চৰকাৰে তিনিটা বিশেষ বঁটা ক্ৰমে ‘অসম বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ প্ৰৱৰ্তন কৰিছে। অনন্য ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰি অলিম্পিকৰ পদক বিজয়েৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰখনত অসমৰ নাম উজ্বলোৱা লাভলীনা বৰগোঁহাইক দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

বৃহস্পতিবাৰে, লাভলীনাৰ বাসগৃহত উপস্থিত হৈ অসম চৰকাৰৰ হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰে বঁটা গ্ৰহণৰ নিমন্ত্ৰণী পত্ৰ।

অহা ২৪ জানুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লাভলীনাক প্ৰদান কৰা হ’ব এই বঁটা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.