ভাৰত

নিৰ্বাপিত হ’ল ‘অমৰ জোৱান জ্যোতি’, ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব নেতাজীৰ হল’গ্ৰাম প্ৰতিমূৰ্তি

টুইটযোগে এই কথা ক'লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব হল'গ্ৰাম প্ৰতিমূৰ্তি।

দিল্লীৰ ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব স্বাধীনতা যুঁজাৰু সুভাষ চন্দ্ৰ বসুৰ গ্ৰেনাইটৰ প্ৰতিমূৰ্তি। নেতাজীৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে স্থাপন কৰা হ’ব এই প্ৰতিমূৰ্তি। স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।

টুইটযোগে এই কথা ক’লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব হল’গ্ৰাম প্ৰতিমূৰ্তি।

ভাৰতীয় সেনা জোৱানৰ স্মৃতিত বছৰ বছৰ ধৰি প্ৰজ্বলিত হৈ থকা অমৰ জোৱান জ্যোতিৰ স্থানত স্থাপিত হ’ব নেতাজীৰ এই  হল’গ্ৰাম প্ৰতিমূৰ্তি। আনহাতে, ৫০ বছৰ ধৰি জ্বলি থকা অমৰ জোৱান জ্যোতিক শুকুৰবাৰে স্থানান্তৰ কৰা হয় নেশ্যনেল ৱাৰ মেম’ৰিয়েললৈ।

উল্লেখ্য যে, ১৯৩০ চনতে ছাৰ এডৱিন লুটয়েনছে নিৰ্মাণ কৰা ছাউনীত এসময়ত ইংলেণ্ডৰ ৰজা জৰ্জ ফাইভৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত দিল্লীৰ কৰ’নেচন পাৰ্কলৈ স্থানান্তৰ কৰা হয় জৰ্জ ফাইভৰ মূৰ্তিটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.