আন্তঃৰাষ্ট্ৰীয়খেলবিশ্ব

অলিম্পিকত একেলগে ৭ টা পদক আজুৰি অভিলেখ মেক কিয়নৰ

একেলগে ৭টা পদক জয় কৰি অভিলেখ ৰচিলে অষ্ট্ৰেলিয়াৰ সন্তৰণবিদ মেক কিয়নে

টকিঅ’ অলিম্পিকত চলিছে পদক জয়ৰ যুঁজ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে নিজৰ শ্ৰেষ্ঠতম পাৰদৰ্শিতাৰে পদক জয়ৰ দৌৰত নামিছে। কোনোৱে যদি জিকিছে, কোনোৱে হাৰিছে। কাৰোবাৰ মুখত যদি বিৰিঙিছে প্ৰাণোচ্ছল হাঁহি, আন কাৰোবাৰ মুখত পৰিচিত পৰাজয়ৰ ছাঁ।

কিন্তু টকিঅ’ অলিম্পিকত একেলগে ৭টা পদক জয় কৰি অভিলেখ ৰচিলে অষ্ট্ৰেলিয়াৰ সন্তৰণবিদ মেক কিয়নে। অলিম্পিকত ৭টা পদক জয়ী ২৭ বছৰীয়া মেক কিয়ন হৈছে প্ৰথমগৰাকী মহিলা সন্তৰণবিদ।

Australia's McKeon becomes first-ever female swimmer to win 7 medals at Tokyo Olympics 2020
Australia’s McKeon becomes first-ever female swimmer to win 7 medals at Tokyo Olympics 2020

টকিঅ’ অলিম্পিকত কিয়নে মহিলাৰ সাঁতোৰৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইল, ৪x১০০ মিটাৰ ফ্ৰী ষ্টাইল ৰীলে, ৪x১০০ মিটাৰ মেডলী ৰীলেত স্বৰ্ণ জয় কৰাৰ লগতে ১০০ মিটাৰ বাটাৰফ্লাই, ৪x১০০ মিটাৰ ফ্ৰী ষ্টাইল ৰীলে, ৪x২০০ মিটাৰ মিক্সড মেডলী ৰীলেত ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াৰ মেক কিয়নে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + one =

Back to top button