আন্তঃৰাষ্ট্ৰীয়খেলবিশ্ব

অলিম্পিকত অঘটনঃ পৰাজয়ৰ গ্লানি সহিব নোৱাৰি জ’ক’ভিছে ভাঙিলে ৰেকেট

টকিঅ' অলিম্পিকৰ টেনিছ খেলত প্ৰতীদ্বন্দ্বীৰ ওচৰত পৰাজয় বৰণ কৰিলে ছাৰবিয়াৰ খেলুৱৈগৰাকীয়ে

স্পেইনৰ খেলুৱৈৰ হাতত পৰাস্ত বিশ্বৰ এক নম্বৰ ৰেংকিঙৰ টেনিছ খেলুৱৈ ন’ভাক জ’ক’ভিছ। টকিঅ’ অলিম্পিকৰ টেনিছ খেলত প্ৰতীদ্বন্দ্বীৰ ওচৰত পৰাজয় বৰণ কৰিলে ছাৰবিয়াৰ খেলুৱৈগৰাকীয়ে।

Novak Djokovic Smashes Racquet
Novak Djokovic Smashes Racquet

শনিবাৰে স্পেইনৰ খেলুৱৈ পাবলো কেৰেনো বুষ্টাৰে ৬-৪, ৬-৭, ৬-৩ পইন্টত হৰুৱায় ন’ভাক জ’ক’ভিছক। পৰাজয়ৰ গ্লানি সহিব নোৱাৰি উপায়ন্তৰ হৈ পৰে ছাৰবিয়াৰ খেলুৱৈগৰাকী। খেল শেষ হোৱাৰ পাছত আৱেগিক হৈ পৰা দেখা গ’ল ন’ভাক জ’ক’ভিছক। আনকি খঙতে একো নাই হৈ খেলুৱৈগৰাকীয়ে ভাঙি পেলায় টেনিছ খেলৰ ৰেকেটখন।

Novak Djokovic Smashes Racquet
Novak Djokovic Smashes Racquet

তেওঁ কয় যে, “এয়া হৈছে আৱেগৰ বিস্ফোৰণ, এয়া প্ৰথমবাৰৰ বাবে নহয় আৰু এয়া সম্ভৱত শেষবাৰৰ বাবে নহয়। এয়া ভাল হোৱা নাই, কিন্তু এয়া খেলৰেই অংশ। মই এনেকুৱা কৰি একদম বেয়া পাওঁ। এনেকুৱা বাৰ্তাৰ বাবে মই দুখিত। কিন্তু কেতিয়াবা নিজৰ আৱেগ ধৰি ৰখাৰ ক্ষেত্ৰত মানুহৰ ক্ষমতা নাথাকে”।

আনকি এই খেলখনত আঘাতপ্ৰাপ্তও হয় ছাৰবিয়াৰ টেনিছ খেলুৱৈ ন’ভাক জ’ক’ভিছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Check Also
Close
Back to top button