অপৰাধঅসমআঞ্চলিক

ATMৰ পৰা পইচা উলিয়াওঁতে সাৱধান হওক!

ATMৰ পৰা পইচা উলিয়াওঁতে সাৱধান হওক! অচিনাক্ত দুৰ্বৃত্তই সলাব পাৰে আপোনাৰ ATM কাৰ্ড

আপোনাৰ অকণমান অসাৱধানতাৰ বাবে দুষ্ট চক্ৰই লুটি নিব পাৰে আপোনাৰ কষ্টােপাৰ্জিত ধন। এইবাৰ গোলাঘাটৰ বনগাঁও গাড়ী গাঁৱৰ ৰেখা শইকীয়া নামৰ এগৰাকী মহিলাৰ লগত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা৷ মহিলাগৰাকীয়ে দেৰগাঁৱৰ এটা ATMত টকা উলিয়াবলৈ লওঁতেই মহিলা গৰাকীক সহায় কৰাৰ কৌশলেৰে সলনি কৰি লৈ যায় মহিলা গৰাকীৰ ATM কাৰ্ডখন।

মহিলা গৰাকীৰ ভাষ্যমতে তেওঁ দেৰগাঁৱৰ SBI শাখা বেংকৰ কাষৰ ATMৰ পৰা টকা উলিয়াবলৈ যাওঁতে ঘটিল এই অঘটন। মহিলা গৰাকীয়ে টকা উলিয়াব পৰা নাছিল সেই মুহূৰ্তত, তেওঁ পিছত থকা এজন অচিনাক্ত যুৱকে মেচিনৰ পৰা উলিয়াই মহিলা গৰাকীৰ ATM কাৰ্ডখন দিয়ে। কিন্তু চকুৰ পচাৰতে অচিনাক্ত প্ৰৱঞ্চকটোৱে ATM কাৰ্ডখন সলনি কৰি পেলাই।

পিছত মহিলা গৰাকী ঘৰলৈ আহি দেখে যে সেইখন ATM কাৰ্ড তেওঁৰ নহয়। ইফালে অচিনাক্ত প্ৰৱঞ্চকটোৱে দুবাৰত ৯৫০০ হেজাৰকৈ মুঠ ১৮ হেজাৰ টকা লুটি লৈ যায় একাউন্টৰ পৰা। ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 7 =

Back to top button