আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলী

বিশ্বৰ বুকুৰ পৰা হেৰাই গ’ল Man of The Hole

চিৰ দিনৰ বাবে বিদায় মাগিলে বিশ্বৰ আটাইতকৈ অকলশৰীয়া লোকজনে

বিশ্বৰ বুকুৰ পৰা হেৰাই গ’ল Man of The Hole।চিৰ দিনৰ বাবে বিদায় মাগিলে বিশ্বৰ আটাইতকৈ অকলশৰীয়া লোকজনে।

 

সুদীৰ্ঘ ২৬ বছৰ ধৰি সকলোৰে পৰা আঁতৰি ব্ৰাজিলৰ আমাজন বৰ্ষাৰণ্যত একাকী জীৱন যাপন কৰিছিল লোকজনে। Man of The Hole ৰূপে পৰিচিত এই লোকৰ প্ৰকৃত পৰিচয় কি আজিলৈকে কোনেও গম নাপালে। আনকি তেওঁ কোৱা ভাষাও বুজি নাপালে কোনেও।

লোকজনে গাঁতত বসবাস কৰা বাবেই লাভ কৰিলে Man of The Hole ৰ পৰিচয়। ব্ৰাজিলৰ ভূমিপুত্ৰ জনগোষ্ঠীৰ একেবাৰে শেষৰ এই ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হয় ২৩ আগষ্টত তেখেতে পাতেৰে সজা পঁজাৰ বাহিৰৰ পৰা। মৃত্যুৰ সময়ত লোকজনৰ বয়স আছিল ৬০ বছৰ।

১৯৮৮ চনত লোকচক্ষুত ধৰা পৰা এই জনগোষ্ঠীৰ শেষৰ ব্যক্তিজনৰ মৃত্যুৰ লগে লগে বিশ্বৰ বুকুৰ পৰা হেৰাই গ’ল জনগোষ্ঠীটো।

উল্লেখ্য যে, মৃত্যুৰ সময়ত লোকজনৰ শৰীৰত নাছিল কোনো আঘাটৰ চিন। ব্ৰাজিলৰ প্ৰশাসনে লোকজনৰ মৃত্যু স্বাভাৱিক বুলিয়ে ঘোষণা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − one =

Check Also
Close
Back to top button