অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত CBIৰ হাতত কি কি তথ্য! কি কি গোচৰৰ ভিত্তিত CBIৰ তদন্ত?

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত CBIৰ হাতত কি কি তথ্য! কি কি গোচৰৰ ভিত্তিত CBIৰ তদন্ত?

ক্ষিপ্ৰ গতিত চলিছে SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ CBIৰ দলৰ। লাভলী কাটিয়াৰৰ নেতৃত্বত বাহৰ পাতিছে CBIৰ দলে। কিন্তু কি কি গোচৰৰ ভিত্তিত CBIৰ এই তদন্ত ? ৪টা গোচৰৰ ভিত্তিত CBI এ কৰিছে তদন্ত…..

প্ৰথমটো গোচৰ-

নগাঁও থানাৰ 443/2023 নম্বৰ গোচৰটোৰ আধাৰত পঞ্জীয়ন

CBIৰ RC-050202350002 নং গোচৰটো

জালনোট জব্দৰ এক গোচৰ আছিল এই গোচৰটো

IPCৰ 489 (AP) আৰু 489 ধাৰা আৰোপ কৰা হৈছে

এই গোচৰটোত আছে ৯জনকৈ অভিযুক্তৰ নাম

 

দ্বিতীয়টো গোচৰ-

উত্তৰ লখিমপুৰ থানাৰ 183/2023 নং গোচৰটোৰ আধাৰত পঞ্জীয়ন

CBIৰ RC-050202350003 নং গোচৰটো

IPCৰ 120B, 395, 397, 342, 387 ধাৰা আৰোপিত

গোচৰটোত মুঠ ৮জন অভিযুক্তৰ নাম

এই গোচৰটোত জোনমণি ৰাভাৰ নামো অভিযুক্তৰ তালিকাত

গোচৰটো দাখিল কৰিছিল আমিনা খাতুনে

হত্যাৰ ভাবুকি-ভীতিগ্ৰস্ত কৰাৰ অভিযোগ দিছিল আমিনাই

 

তৃতীয় আৰু চতুৰ্থটো গোচৰ

দুয়োটা গোচৰ জখলাবন্ধা থানাৰ গোচৰৰ ভিত্তিত গ্ৰহণ কৰা হৈছে

জোনমণিৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে নিজাকৈ এটা গোচৰ পঞ্জীয়ন কৰিছিল

SI পৱন কলিতাই পঞ্জীয়ন কৰিছিল গোচৰটো

CBI এই গোচৰটোৰ ভিত্তিত পঞ্জীয়ন কৰিছে RC050202350004

IPC 279, 427, 304A ধাৰা আৰোপ কৰা হৈছে গোচৰটোত

জোনমণিৰ মাতৃয়ে পঞ্জীয়ন কৰিছিল এক গোচৰ

সুমিত্ৰা ৰাভাই পঞ্জীয়ন কৰে 87/2023 নং গোচৰটো

জখলাবন্ধা থানাৰ এই গোচৰটোৰ ভিত্তিতো CBI লৈছে গোচৰ

CBIৰ গোচৰটোৰ হৈছে RC050202350005

ইয়াত IPCৰ 120B, 302, 34 ধাৰা আৰোপ কৰা হৈছে

গোচৰটোত অভিযুক্ত হৈছে অচিনাক্ত আৰক্ষী আৰু অচিনাক্ত ব্যক্তি

এই ৪খন FIR প্ৰস্তুতেৰে CBIৰ চাৰিটা গোচৰ পঞ্জীয়ন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + fourteen =

Back to top button