AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকবিশ্বভাৰত

বাছনি হ’ল ভৱ্য ৰাম মন্দিৰৰ ৰামলালাৰ মূৰ্তি, মহীশূৰৰ ভাস্কৰৰ মূৰ্তিক পুজিব ৰামভক্তই….

বাছনি হ’ল ভৱ্য ৰাম মন্দিৰৰ ৰামলালাৰ মূৰ্তি

মহীশূৰৰ ভাস্কৰৰ মূৰ্তিক পুজিব ৰামভক্তই

অৰুণ যোগীৰাজৰ সৃষ্টি প্ৰতিষ্ঠা হ’ব ২২ জানুৱাৰীত

অযোধ্যাৰ ৰাম মন্দিৰৰ মূৰ্তিক লৈ সিদ্ধান্ত

ঘোষণা সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

মহীশূৰৰ বিখ্যাত ভাস্কৰ অৰুণ যোগীৰাজৰ সৃষ্টি ৰামলালাৰ মূৰ্তিৰেই প্ৰাণপ্ৰতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ মহীশূৰ জিলাৰ বুজেগৌদানাপুৰা গাঁৱত উপলব্ধ দুষ্প্ৰাপ্য কৃষ্ণ শিলত অৰুণ যোগীৰাজে সৃষ্টি কৰিছিল ৰামলালাৰ মূৰ্তি। প্ৰাণপ্ৰতিষ্ঠাৰ মূৰ্তিৰ বাবে তিনিজন ভাস্কৰক বাছনিকৰা হৈছিল। তিনিওজনৰ মাজৰ পৰা মহীশূৰৰ অৰুণ যোগীৰাজৰ মূৰ্তিটো নিৰ্বাচন কৰা হয়। ভাস্কৰজনৰ পত্নী বিজেতা অৰুণ যোগীৰাজৰ মতে, যোৱা বছৰ জুনৰ পৰাই অযোধ্যাত থিতাপি লৈ যোগীৰাজে প্ৰস্তুত কৰি আছিল ৰামলালাৰ মূৰ্তি। ১১ বছৰ বয়সৰ পৰাই ভাস্কৰ্য শিল্পৰ লগত জড়িত অৰুণ যোগীৰাজ তেওঁৰ পৰিয়ালৰ পঞ্চম প্ৰজন্মৰ ভাস্কৰ। MBA ডিগ্ৰীধাৰী ভাস্কৰজনে ইতিপূৰ্বে নতুন দিল্লীৰ INDIA GATEত স্থাপিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ৩০ ফুট ওখ মূৰ্তিটো আৰু কেদাৰনাথত স্থাপিত আিদ শংকৰাচাৰ্যৰ ১২ ফুট ওখ মূৰ্তিটো সাজিছিল।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.