Socialঅসমধৰ্মীয়

অসমবাসীৰ মংগল কামনাৰে পাটবাউসী সত্ৰত মূৰ দোঁৱালে মুখ্যমন্ত্ৰীয়ে

মঙলবাৰে পাটবাউসী শ্ৰী শ্ৰী শংকৰদেৱ থানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে জনালে প্ৰাৰ্থনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণুৰে ৰঞ্জিত পাটবাউসী শ্ৰী শ্ৰী শংকৰদেৱ থানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মংগল কামনাৰে বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে পাটবাউসী শ্ৰী শ্ৰী শংকৰদেৱ থানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে জনালে প্ৰাৰ্থনা। ৰাজ্যখনৰ মংগল কামনা কৰি সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

পাটবাউসী সত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পাটবাউসী সত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

এই মহাস্থানতে গুৰুজনাই ১৮ বছৰ ৬ মাহ কাল থাকি অতুলনীয় সৃষ্টিৰ সিংহভাগ ৰচনা কৰি অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতিৰ বৰভেটি গঢ়ি থৈ গৈছিল ৷

অসমৰ মংগলৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা
অসমৰ মংগলৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা

সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া গুৰুজনাৰ জন্মভূমি বৰদোৱাৰ আৰ্হিত তেৰাৰ কৰ্মভূমি তথা সৃষ্টিভূমি পাটবাউসীত এক অনুৰূপ বৃহৎ প্ৰকল্প স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, সত্ৰ দৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Check Also
Close
Back to top button