অপৰাধজীৱনশৈলীমনোৰঞ্জন

স্বামী কোটিপতি! নগদ ৪৭ লাখ টকা লৈ ৰিক্সা চালকৰ সৈতে পলাল পত্নী

প্ৰায়ে পত্নীক ঘৰত থবলৈ আহিছিল অটো-ৰিক্সা চালকজনে

এজন কোটিপতি ব্যৱসায়ীৰ পত্নীয় পলাতক। ১৩ বছৰ সৰু এজন অটো-ৰিক্সা চালকৰ সৈতে পলাল কোটিপতি ব্যৱসায়ীৰ পত্নী।

ঘটনাটো মধ্যপ্ৰদেশৰ। পত্নী সন্ধানহীন হোৱাৰ পিছত, ব্যৱসায়ীজনে ১৩ অক্টোবৰত ইন্দোৰৰ খাজৰানা অঞ্চলত আৰক্ষীক গোচৰ ৰুজু কৰিছিল। ব্যৱসায়ীজনে অভিযোগটোত লগতে উল্লেখ কৰিছিল যে তেওঁৰ পত্নীয়ে ঘৰৰ পৰা ৪৭ লাখ টকা লৈ পলাই গৈছে।

১৩ অক্টোবৰ নিশা বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত স্বামীয়ে পত্নী নিৰুদ্দেশ হোৱা বুলি সন্দেহ কৰে।তাৰ  পিছত,  অনুমান কৰে যে তেওঁৰ ঘৰৰ পৰা ৪৭ লাখ টকা নাই। অটো-ৰিক্সা চালকজনে প্ৰায়ে পত্নীক ঘৰত থবলৈ আহিছিল বুলিও উল্লেখ আছে প্ৰতিবেদনটোত।

বৰ্তমান কোটিপতিগৰাকীৰ পত্নী আৰু অটো-ৰিক্সা চালকজনৰ সন্ধানত সকলো ঠাইত তালাচী চলাই আছে আৰক্ষীয়ে। অটো-ৰিক্সা চালকজন ৩২ বছৰীয়া ইমৰান বুলি জানিব পৰা গৈছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − six =

Back to top button