অভিনয়অসমআন্তঃৰাষ্ট্ৰীয়বোলছবিমনোৰঞ্জন

সুখবৰ! অস্কাৰৰ বাবে নিৰ্বাচিত সাম্ভাব্য চলচ্চিত্ৰৰ তালিকাত স্থান লাভ অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ

ব্ৰীজৰ লগতে এই তালিকাত স্থান লাভ কৰিছে অন্য ১২ খন ভাৰতীয় চলচ্চিত্ৰই যাৰ পৰা এখন চলচ্চিত্ৰ ভাৰতৰ পৰা অস্কাৰৰ বাচনিলৈ নিৰ্বাচিত হ’ব

অসমীয়া চলচ্চিত্ৰৰ বাবে আহিছে এক সুখবৰ। অক্সাৰৰ বাবে নিৰ্বাচিত হোৱা সম্ভাৱনীয় চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিছে পুৰস্কাৰ বিজয়ী অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’।

ব্ৰহ্মপুত্ৰৰ প্ৰতি প্ৰেম আৰু বানপানীৰ সময়ৰ এখন দলঙক কেন্দ্ৰ কৰি হোৱা ক্ষয়- ক্ষতি বিষয়ক সুন্দৰকৈ উপস্থাপন কৰি নিৰ্মাণ কৰা হৈছে ব্ৰীজ নামৰ চলচ্চিত্ৰখন। ব্ৰীজৰ নিৰ্দেশনা কৰিছে অসম সন্তান কৃপাল কলিতাই। চলচ্চিত্ৰখনৰ শ্বুটিং সম্পূৰ্ণ কৰা হৈছিল উজনি অসমৰ লখিমপুৰ আৰু গোলাঘাটত।

ব্ৰীজৰ লগতে এই তালিকাত স্থান লাভ কৰিছে অন্য ১২ খন ভাৰতীয় চলচ্চিত্ৰই যাৰ পৰা এখন চলচ্চিত্ৰ ভাৰতৰ পৰা অস্কাৰৰ বাচনিলৈ নিৰ্বাচিত হ’ব।

উল্লেখ্য যে, ৫১ সংখ্যক গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াত একমাত্ৰ অসমীয়া চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হৈছিল ‘ব্ৰীজ’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + six =

Back to top button