অৰ্থনৈতিকজীৱনশৈলীমনোৰঞ্জন

ধনী ব্যক্তিৰ তালিকাত চাৰি নম্বৰ স্থানত থকা বিল গেটছৰ কন্যাৰ সম্পত্তিৰ কথা শুনিলে আচৰিত হ’ব আপুনি

বিবাহ বিচ্ছেদৰ পাছত অজস্ৰ সম্পত্তিৰ গৰাকী এতিয়া মেইলিন্দা

বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিৰ ভিতৰত চাৰি নম্বৰ স্থানত থকা বিল গেটছৰ কন্যাৰ সম্পত্তিৰ কথা শুনিলে আচৰিত হ’ব আপুনি।

তিনি কন্যা সন্তানৰ পিতৃ বিল গেটছ। যোৱা শনিবাৰে নয়েল নাচাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছে বিল গেটছৰ জ্যেষ্ঠ কন্যা জেনিফাৰ গেটছ। বিবাহৰ পিছত আয়োজন কৰা হৈছিল এক বিলাসী পাৰ্টীৰ। পাৰ্টিত উপস্থিত আছিল প্ৰায় ৩০০ লোক। ভাৰতীয় মুদ্ৰা অনুসৰী ১৫০ কোটি টকাৰ গৰাকী এতিয়া জেনিফাৰ গেটচ।

ইয়াৰ উপৰিও ২০১৭ চনত বিল গেটছে ঘোষণা কৰা মতে, তেওঁৰ তিনিজনী জীয়ৰী জেনিফাৰ, ফৌয়েব আৰু ৰোৰিকে তেঁওৰ সম্পত্তিৰ পৰা ১০ মিলিয়ন ডলাৰকৈ লাভ কৰিব।

উল্লেখযোগ্য যে, কিছুদিনৰ আগতে আগষ্ট মাহত বিল গেটছৰ বিবাহ বিচ্ছেদ হৈছে। বিচ্ছেদৰ পাছত বিল গেটছৰ পত্নী মেলিন্দা গেটছে লাভ কৰিছিল স্বামীৰ সম্পত্তিৰ পৰা ৬০০ কোটি আমেৰিকা ডলাৰ। ভাৰতীয় মুদ্ৰা অনুসৰী এই ধনৰাশী ৪৫ হাজাৰ কোটি টকা। ৪৫ হাজাৰ কোটি টকাৰ গৰাকী এতিয়া মেইলিন্দা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.