SocialSocial Networkআন্তঃৰাষ্ট্ৰীয়

iPhoneৰ কেমেৰা সম্পৰ্কে এপলৰ চিইঅ’ টিম কুকৰ ডাঙৰ ঘোষণা!

প্ৰথমবাৰৰ বাবে টিম কুকে প্ৰকাশ কৰে যে চ’নীয়ে আইফোনৰ বাবে কেমেৰা চেন্সৰ নিৰ্মাণ কৰে

আইফোনৰ কেমেৰাৰে তোলা ফটোবোৰ যে আচৰিত ধৰণৰ আৰু যিকোনো স্মাৰ্টফোনত পোৱা ফটোবোৰ যে সৰ্বোত্তম, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আপুনি জানেনে যে এপলে আইফোনৰ কেমেৰা নিৰ্মাণ নকৰে, বৰঞ্চ চেন্সৰসমূহ চ’নীৰ পৰা লাভ কৰে, যিটো কোম্পানীয়ে এণ্ড্ৰইড ফোন নিৰ্মাতাসকলকো চেন্সৰ প্ৰদান কৰে। প্ৰথমবাৰৰ বাবে টিম কুকে প্ৰকাশ কৰে যে চ’নীয়ে আইফোনৰ বাবে কেমেৰা চেন্সৰ নিৰ্মাণ কৰে। বৰ্তমান জাপানত যোগানকাৰী ভ্ৰমণত আছে এপলৰ চিইঅ’গৰাকী। চলিত সপ্তাহৰ আৰম্ভণিতে এটা টুইটৰ জৰিয়তে আইফোনৰ কেমেৰাৰ সবিশেষ নিশ্চিত কৰিছিল কুকে। টুইটটোত তেওঁ উল্লেখ কৰে যে, ‘আমি আইফোনৰ বাবে বিশ্বৰ আগশাৰীৰ কেমেৰা চেন্সৰ তৈয়াৰ কৰিবলৈ চ’নীৰ সৈতে এক দশকৰো অধিক সময় ধৰি অংশীদাৰিত্ব কৰি আহিছো।’

 

 

 

বছৰ বছৰ ধৰি এপলে আইফোন মডেলত ব্যৱহাৰ কৰা হাৰ্ডৱেৰৰ বিষয়ে গোপনে ৰাখিছে। বিগত সময়ত মুকলি কৰা আইফোনৰ যিকোনো মডেলৰ অফিচিয়েল স্পেকছ শ্বীট দেখে তেন্তে কোম্পানীয়ে কেতিয়াও ৰেম, কেমেৰা ৰিজ’লিউচন, বা এপাৰচাৰকে ধৰি নিৰ্দিষ্ট সবিশেষ প্ৰকাশ নকৰে। গতিকে, এইটোৱেই প্ৰথমবাৰৰ বাবে কোম্পানীটোৱে ইয়াৰ আইফোন মডেলত ব্যৱহাৰ কৰা চেন্সৰটো প্ৰকাশ কৰিছে। এপলে অৱশ্যে চফট্ ৱেৰ অপ্টিমাইজেচনৰ জৰিয়তে আইফোনৰ কেমেৰাসমূহ ফাইন টিউন কৰে। এইখিনিতে ক’ব পাৰি যে ইণ্টাৰনেটত উপলব্ধ একাধিক প্ৰতিবেদনত কোৱা হৈছিল যে, এপলে কেমেৰাৰ বাবে চ’নী হাৰ্ডৱেৰ ব্যৱহাৰ কৰে। কিন্তু প্ৰথমবাৰৰ বাবে কোম্পানীটোৱে নিজেই এই তথ্য নিশ্চিত কৰিলে। কিছুমান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চ’নীয়ে এটা নতুন ইমেজ চেন্সৰ প্ৰস্তুত কৰিছে যিয়ে নতুন অৰ্ধপৰিবাহী আৰ্কিটেকচাৰ ব্যৱহাৰ কৰি অধিক পোহৰ ধৰিব পাৰে আৰু ফটোৰ পৰা অভাৰ আৰু অণ্ডাৰ এক্সপ’জাৰ হ্ৰাস কৰিব পাৰে। কোৱা হৈছে যে এপলে পৰৱৰ্তী প্ৰজন্মৰ আইফোন মডেলত চ’নীৰ এটা বিশেষ চেন্সৰ ব্যৱহাৰ কৰিব, যিটো আইফোন ১৫ বুলি কোৱা হৈছে।চোনীয়ে নতুনকৈ নিৰ্মাণ কৰা চেন্সৰটো আন স্মাৰ্টফোন নিৰ্মাতা কোম্পানীলৈও প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 17 =

Back to top button