AssamCMO Assamleatest updatenationalPMo indiapoliticalSocial

অসমবাসীলৈ উন্নয়নৰ বাৰ্তা লৈ আহি আছে নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ...

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমবাসীলৈ উন্নয়নৰ বাৰ্তা লৈ আহিব নৰেন্দ্ৰ মোদীয়ে।
বৰঝাৰত কাইলৈ সন্ধিয়া ৭.৩০ বজাত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। খানাপাৰাত বিশাল জনসভা সম্বোধন কৰিব মোদীয়ে। কইনাধৰাত অনুষ্ঠিত হ’ব বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক।প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বৈঠক।

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীৰ সংবাদ মেল সম্বোধন। ১১,৫৯৯ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। কাইলৈ নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব PM এ। ৪ ফেব্ৰুৱাৰীত ১১.৩০ বজাত জনতাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। PM ডিভাইন আঁচনিৰ অধীনত কামাখ্যা কৰিড’ৰৰ আধাৰশিলা।

উদ্বোধন কৰা হ’ব ধাৰাপুৰৰ নতুন টাৰ্মিনেলৰ। কপৌফুলৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব এই টাৰ্মিনেল। ৰাজ্যৰ ৪৩টা নতুন পথৰ কৰা হ’ব শুভাৰম্ভ। অসমমালা আঁচনিৰ অধীনত আছে ৩৮খন দলং। পূব ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰকল্প হ’ব অসমত। নতুনকৈ নিৰ্মাণ কৰা হ’ব গুৱাহাটী মেডিকেল কলেজ বিল্ডিং। ৩ হাজাৰ ৰোগীয়ে একেলগে লাভ কৰিব চিকিৎসা সেৱা। মহানগৰীৰ বেতকুছিত নিৰ্মাণ হ’ব ইউনিটী মল। কৰিমগঞ্জৰ ৰাতাবাৰীত নিৰ্মাণ হ’ব নতুন মেডিকেল কলেজ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সষ্টম হৈ পৰিছে নিৰাপত্তা বাহিনী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.