অসমদৈনিক বাতৰি

মণিপুৰত উগ্ৰপন্থীৰ গুলীত নিথৰ অসম সন্তান সুমন স্বৰ্গীয়াৰীৰ দেহ

আজি স্ব-গৃহলৈ লৈ অহা হ’ব সুমন স্বৰ্গীয়াৰীৰ নশ্বৰদেহ।

মণিপুৰৰ চুড়াচান্দপুৰত নিহত অসম সন্তান। শনিবাৰে মণিপুৰত হোৱা উগ্ৰপন্থীৰ গুলীয়াগুলীত প্ৰাণ হেৰুৱালে বাক্সাৰ থৈকাৰাকুছিৰ সুমন স্বৰ্গীয়াৰীয়ে।

শনিবাৰে, মণিপুৰত ৪৬ অসম ৰাইফলছৰ কনভয়ত অতৰ্কিতে আক্ৰমণ কৰে উগ্ৰপন্থীৰ দলে। আক্ৰমণত প্ৰাণ হেৰুৱালে ৪৬ অসম ৰাইফলছৰ CO বিপ্লৱ ত্ৰিপাঠীৰ লগতে পত্নী-পুত্ৰই।

উগ্ৰপন্থীৰ আক্ৰমণত নিহত অসম ৰাইফলছত কৰ্মৰত অসমৰ জোৱান সুমন স্বৰ্গীয়াৰী। আজি স্ব-গৃহলৈ লৈ অহা হ’ব সুমন স্বৰ্গীয়াৰীৰ নশ্বৰদেহ।

টিহুৰ নিকতৱৰ্তী কাহীবাৰীৰ গাঁৱৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে অঞ্চলবাসী। নিহত জোৱান সুমন স্বৰ্গীয়াৰী আছিল কাহীবাৰীৰ নিবাসী কনক স্বৰ্গীয়াৰীৰ একমাত্ৰ পুত্ৰ। মৃত্যুৰ সময়ত তেখেতে এৰি গৈছে মাতৃ আৰু পত্নী-পুত্ৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 12 =

Back to top button