দুৰ্ঘটনামহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত নিহত ২৬ মাওবাদী

মহাৰাষ্ট্ৰৰ পৰা ৯০০ কিমি. দূৰত্বত অৱস্থিত মহাৰাষ্ট্ৰৰ কটগুল-গয়াৰাপট্টী জংঘলত শনিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা।

মহাৰাষ্ট্ৰৰ গাদচিৰলি জিলাত এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত নিহত ২৬ মাওবাদী।

মহাৰাষ্ট্ৰৰ পৰা ৯০০ কিমি. দূৰত্বত অৱস্থিত মহাৰাষ্ট্ৰৰ কটগুল-গয়াৰাপট্টী জংঘলত শনিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ C-60 কমাণ্ডো আৰু মাওবাদীৰ মাজত শনিবাৰে বিয়লিলৈকে অব্যাহত থাকে সংঘৰ্ষ।

এই সংঘৰ্ষত মৃত্যুক সাবটি লয় ২৬ মাওবাদীয়ে। সংঘৰ্ষত আহত হয় চাৰিজন আৰক্ষী। আঘাতপ্ৰাপ্ত আৰক্ষীকেইজনক চিকিৎসা প্ৰদানৰ বাবে হেলিকপ্টৰৰ জৰিয়তে নাগপুৰলৈ লৈ অহা হয়।

এনকাউণ্টাৰ হোৱা ঠাইৰ পৰা নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিছে সৰহ সংখ্যক মাৰণাস্ত্ৰ। ঘটনা সন্দৰ্ভত ঘটনাস্থলীত এতিয়াও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.