অসম-মিজোৰাম সীমা বিবাদ নিষ্পত্তিৰ বাবে মিজোৰামলৈ যাত্ৰা ৰাজ্যৰ দুই মন্ত্ৰীৰ। বৃহস্পতিবাৰে পুৱা মিজোৰামলৈ যাত্ৰা কৰে মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এক শান্তি আলোচনাৰ বাবে মিজোৰামলৈ যাত্ৰা দুই মন্ত্ৰীৰ।

চাৰ্টাড বিমান যোগে আইজল অভিমুখে যাত্ৰা অতুল বৰা আৰু অশোক সিংঘালৰ।
The #AssamMizoramBorder talks were held amicably in Aizawl which continues the process of dialogue initiated by HCM Dr. @himantabiswa & HCM Shri @ZoramthangaCM.
Today's meeting was a great step forward to achieve lasting peace & resolution of border issues. pic.twitter.com/FnVfrPLk10
— Atul Bora (@ATULBORA2) August 5, 2021
মন্ত্ৰীদ্বয়ে বৃহস্পতিবাৰে মিজোৰাম আৰক্ষী আৰু আন প্ৰশাসনিক বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয়।

উল্লেখ্য যে, ২৬ জুলাইত সীমা বিবাদক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হৈছিল এক অপ্ৰত্যাশিত ঘটনা। যি ঘটনাত নিহত হৈছিল ৬জনকৈ আৰক্ষীৰ জোৱান, আহত হৈছিল অসম আৰক্ষীৰ আন কেইবাজনো আৰক্ষী জোৱান।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথংগাৰ আলোচনাৰ পাছতে আজি শান্তি আলোচনাৰ বাবে মিজোৰামলৈ যায় অসমৰ দুই মন্ত্ৰী। আইজলত হোৱা আলোচনাৰ পিছতে অসম-মিজোৰাম সীমান্তৰ বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায় হ’ব। অৱশ্যে পৰৱৰ্তী সময়ত এই শান্তি আলোচনা কোনদিশে গতি কৰে সেয়া লক্ষণীয় হ’ব।