আন্তঃৰাষ্ট্ৰীয়খেল

টকিঅ’ত উত্তৰ-পূবৰ তৃতীয়গৰাকী খেলুৱৈৰ সাফল্য

উত্তৰ-পূবৰ জীয়ৰী মীৰাবাই চানু, লাভলীনা বৰগোঁহাইৰ পাছতে টকিঅ' অলিম্পিকত পদক জয়ৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে হকী খেলুৱৈ নীলকান্ত শৰ্মাই

অলিম্পিকত জিলিকিছে উত্তৰ-পূব। টকিঅ’ত তৃতীয়গৰাকী উত্তৰ-পূবৰ খেলুৱৈয়ে লাভ কৰিছে অলিম্পিক পদক।

উত্তৰ-পূবৰ জীয়ৰী মীৰাবাই চানু, লাভলীনা বৰগোঁহাইৰ পাছতে টকিঅ’ অলিম্পিকত পদক জয়ৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে হকী খেলুৱৈ নীলকান্ত শৰ্মাই। টকিঅ’ অলিম্পিকত এজন এজন কৈ তিনিগৰাকীকৈ খেলুৱৈয়ে অলিম্পিকত নিজৰ লগতে দেশৰো নাম উজ্বলাবলৈ সক্ষম হৈছে।

টকিঅ'ত উত্তৰ-পূবৰ তৃতীয়গৰাকী খেলুৱৈৰ সাফল্য
Manipur hockey player Nilakanta Sharma’s Olympic bronze

মণিপুৰৰ বাসিন্দা নীলকান্ত ভাৰতীয় পুৰুষ হকী দলৰ এগৰাকী মিডফিল্ডাৰ খেলুৱৈ।

বৃহস্পতিবাৰে ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকত জাৰ্মানীক ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক আজুৰিবলৈ সক্ষম হয়। ভাৰতীয় হকীৰ পুৰুষ দলে জয়লাভ কৰাৰ পাছতে এতিয়া আনন্দৰ লহৰ উঠিছে মণিপুৰত। উল্লাসত মতলীয়া হৈ পৰা ৰাইজে ৰাজপথলৈ ওলাই আহি নাচ-গান কৰা পৰিলক্ষিত হয়।

Manipur celebrates hockey player Nilakanta Sharma’s Olympic bronze
Manipur celebrates hockey player Nilakanta Sharma’s Olympic bronze

২০১৬ চনত জুনিয়ৰ বিশ্ব কাপ দলতো আছিল উত্তৰ-পূবৰ হকী খেলুৱৈ নীলকান্ত। তাৰ পিছতে সাফল্যৰ চিৰিত উঠি চিনিয়ৰ গ্ৰুপতো স্থান লাভ কৰে ২৬ বছৰীয়া মিডফিল্ডাৰ মণিপুৰৰ নীলকান্ত শৰ্মাই।

অলিম্পিকৰ ব্ৰঞ্জ প্ৰাপ্ত দলৰ সদস্য হৈ অতিকে আনন্দিত নীলকান্তৰ লগতে সমগ্ৰ মণিপুৰবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 7 =

Back to top button