Educationঅসম

প্ৰকাশ পালে ২০২১ বৰ্ষৰ মেট্ৰিকৰ ফলাফল, উত্তীৰ্ণৰে শীৰ্ষত বিশ্বনাথ জিলা

পৰীক্ষাত সৰ্বমুঠ উত্তীৰ্ণ হৈছে ৩,৯৭,১৩২ পৰীক্ষাৰ্থী

প্ৰকাশ পালে ২০২১ বৰ্ষৰ মেট্ৰিকৰ ফলাফল। ক’ভিড পৰিস্থিতিৰ মাজতে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাকেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত নকৰাকৈও শিক্ষাৰ্থীৰ গুণগত মানৰ ওপৰত ভিত্তি কৰি এইবাৰ শিক্ষা বিভাগে ঘোষণা কৰিছে ফলাফল। অৱশ্যে, এইবাৰ মেট্ৰিকত নাই কোনো স্থান, আছে ষ্টাৰ আৰু ডিষ্টিংচন।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ। সৰ্বমুঠ পৰীক্ষাৰ্থী ৪,২৬,৫৫৩ গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৮,৫২১গৰাকী। দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৬০,২৯৮গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩গৰাকী।

পৰীক্ষাত সৰ্বমুঠ উত্তীৰ্ণ হৈছে ৩,৯৭,১৩২ পৰীক্ষাৰ্থী। ডিষ্টিংচনসহ উত্তীৰ্ণ ১০,৩৪৮গৰাকী। ষ্টাৰমাৰ্কসহ উত্তীৰ্ণ ২০,০৯২গৰাকী। ৯৯.৪০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বিশ্বনাথ জিলা। ৮৩.৪৯ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন হোজাই জিলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.