AssamCity newsEducationRegionalSocialSocial Networkঅৰ্থনৈতিকঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীচাকৰি

নিৱনুৱাৰ বাবে ভাল খবৰ

অসমত টাটাৰ উদ্যোগত নিৰ্মাণ হ’ব বৃহৎ প্ৰকল্পৰ কাম

অসমৰ ঔদ্যোগিক ইতিহাসৰ বৃহত্তম বিনিয়োগ, মৰিগাঁৱৰ জাগীৰোডত স্থাপন হ’ব বৃহৎ প্ৰকল্প । অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্পত কেন্দ্ৰই অনুমোদন জনাইছে । উত্তৰ-পূবৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প হ’ব মৰিগাঁৱৰ জাগীৰোডত । টাটাৰ উদ্যোগত নিৰ্মাণ হ’ব এই বৃহৎ প্ৰকল্পৰ কাম । প্ৰকল্পৰ বাবে কেন্দ্ৰই ২৭ হাজাৰ কোটি টকা ব্যয় ধাৰ্য কৰিছে । অসম চৰকাৰে জাগীৰোডত সাজু কৰিছে ভূমি । ১০০ দিনৰ ভিতৰত আৰম্ভ হ’ব এই প্ৰকল্পৰ কাম । নিৰ্মাণ হ’ব বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীও । প্ৰত্যক্ষভাৱে প্ৰায় ৫ হাজাৰ লোকে পাব নিয়োগৰ সুবিধা । পৰোক্ষভাৱে প্ৰকল্পৰ পৰা উপকৃত হ’ব দুই লাখ লোক । কেন্দ্ৰৰ কেবিনেটৰ সিদ্ধান্তক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button