অসমখেলগুৱাহাটীভাৰতমনোৰঞ্জনমুম্বাই

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত স্থাপন হ’ব কিংবদন্তী ক্ৰিকেট খেলুৱৈ ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰৰ লাইফ চাইজ প্ৰতিমূৰ্তি

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত স্থাপন হ’ব কিংবদন্তী ক্ৰিকেট খেলুৱৈ ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰৰ লাইফ চাইজ প্ৰতিমূৰ্তি

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত স্থাপন হ’ব কিংবদন্তী ক্ৰিকেট খেলুৱৈ ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰৰ লাইফ চাইজ প্ৰতিমূৰ্তি। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ এটা দশক পিছত ভাৰতীয় আৰু মুম্বাই ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে লাভ কৰিব এই বিৰল সন্মান। ২০১৩ চনত ভাৰতৰ হৈ শেষৰখন খেল খেলা আইকনিক ৱাংখেড়ে ষ্টেডিয়ামৰ ভিতৰত স্থাপন কৰা হ’ব কিংবদন্তি প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি। মূৰ্তিটো উন্মোচন কৰা হ’ব মাষ্টাৰ ব্লাষ্টাৰ গৰাকীৰ সমাগত ৫০ সংখ্যক জন্মদিনত অথবা চলিত বৰ্ষৰ শেষৰ ফালে ৫০ অভাৰৰ বিশ্বকাপৰ সময়ত।

শচীন তেণ্ডুলকাৰে ভাৰতৰ হৈ ২০০খন টেষ্ট, ৪৬৩খন এদিনীয়াৰ লগতে এখন টি-২০ত অংশগ্ৰহণ কৰিছিল। আধুনিক ক্ৰিকেটৰ ভগৱানস্বৰূপ ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰিছিল ৩৪,৩৫৭ আন্তঃৰাষ্ট্ৰীয় ৰান। লগতে, সৰ্বাধিক ১০০ টা আন্তঃৰাষ্ট্ৰীয় শতকৰ অভিলেখৰো গৰাকী তেণ্ডুলকাৰ।।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + six =

Back to top button