AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

গভীৰ সংকটত পৰিছে দিল্লী কংগ্ৰেছ, দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীৰ পদত্যাগ……

গভীৰ সংকটত পৰিছে দিল্লী কংগ্ৰেছ। দিল্লীৰ ৭ সমষ্টিত ভোটগ্ৰহণৰ পূৰ্বে দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীৰ পদত্যাগ। দিল্লীত আম আদমী পাৰ্টিৰ লগত মিত্ৰতা কৰাৰ প্ৰতিবাদত পদত্যাগ কৰে অৰবিন্দৰ সিং লাভলীয়ে। অৰবিন্দৰ সিঙে দিল্লীত ২টা সমষ্টিত বাহিৰা লোকক প্ৰাৰ্থিত্ব দিয়াৰো প্ৰতিবাদ কৰে। বিশেষকৈ কানহাইয়া কুমাৰক নৰ্থ–ইষ্ট দিল্লী সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ প্ৰতিবাদ কৰে অৰবিন্দৰ সিং লাভলীয়ে। উল্লেখ্য যে, দিল্লীৰ ৭ সমষ্টিত কংগ্ৰেছে আম আদমী পাৰ্টিৰ সৈতে বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেই অনুসৰি কংগ্ৰেছে ৩টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰদল আম আদমী পাৰ্টিক ৪টা সমষ্টি এৰি দিছে। কংগ্ৰেছে নৰ্থ–ইষ্ট দিল্লীত কানহাইয়া কুমাৰক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে উদিত ৰায়কো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২ বাহিৰৰ লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰুদ্ধে কংগ্ৰেছৰ ভিতৰচ’ৰাত ক্ষোভৰ উদগীৰণ হৈছে। দিল্লী কংগ্ৰেছৰ সভাপতি লাভলীয়ে পদত্যাগ কৰাৰ পিছতেই অসন্তুষ্ট কংগ্ৰেছ কৰ্মীসকলে আজি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.