AssamCity newsCMO AssamGovernment Schemepoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসম কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অহা ২২জানুৱাৰী তাৰিখে অসমত ঘোষণা কৰা হ’ল ‘ড্ৰাই ডে’

ৰাম মন্দিৰ উদ্বোধনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

২২ জানুৱাৰী তাৰিখে অসমত ঘোষণা কৰা হৈছে ‘ড্ৰাই ডে’। অসম কেবিনেটৰ অন্তত দেওবাৰে সংবাদ মেল সম্বোধন কৰি সদৰি কৰিলে এই সিদ্ধান্ত। ৰাম মন্দিৰ উদ্বোধনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে এই কেবিনেটত মিচিং, ৰাভা, তিৱা জনগোষ্ঠীৰ পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় অনুমোদন পঠিওৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

এই সমূহৰ উপৰিও, ৰাজ্যৰ মহিলা সকলক স্বাৱলম্বী বাবে লোৱা হয় এক ব্যতিক্ৰমী সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ ‘উদ্যমিতা’ নামৰ এক আঁচনি ৰূপায়ণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ জৰিয়তে আত্মসহায়ক গোটসমূহক তিনিটা পৰ্যায়ত ঋণ প্ৰদান কৰা হ’ব। মহিলা সকলক প্ৰাৰম্ভিকভাৱে ১০ হাজাৰ টকা প্ৰদান কৰাৰ পৰিবৰ্তে দ্বিতীয় পৰ্যায়ত ২৫ হাজাৰ টকাত ১২ হাজাৰ টকা ৰাজ সাহায্য প্ৰদান কৰিব আৰু তৃতীয় পৰ্যায়ত ৫০ হাজাৰ টকাৰ ঋণৰ সকলো সূদ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই আঁচনিৰ জৰিয়তে ৩৯ লাখ মহিলা লাভম্বিত হ’ব। আগন্তুক ১৬ জানুৱাৰীৰ পৰা এই আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব পাৰিব ৰাজ্যৰ মহিলা সকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.