Electionleatest updatenationalPMo indiapoliticalদৈনিক বাতৰিভাৰতভ্ৰমণৰাজনৈতিক

লক্ষাদ্বীপ ভ্ৰমণত প’জ দি ফটো উঠা মোদী নাযায় মনিপুৰলৈঃ মল্লিখাৰ্জুন খাৰ্গে

আজি পৰ্যন্ত মনিপুৰৰ হিংসাত্মক, সংঘাত পূৰ্ণ পৰিস্থিতিৰ বুজ ল'বলৈ যোৱাৰ সাহস হোৱা নাই প্ৰধানমন্ত্ৰীৰ।

বিগত বৰ্ষৰ মে’ মাহত সৃষ্টি হোৱা মনিপুৰৰ কুকি আৰু মেইটেই, দুই জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষ এতিয়াও শান্ত হোৱা নাই। কিন্তু আজি পৰ্যন্ত দেশৰ প্ৰধান মন্ত্ৰী গৰাকী মনিপুৰ ভ্ৰমণ বাদেই ৰাজ্য খনত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাৰ পৰাও বিৰত থকাক লৈ তীক্ষ্ণ সমালোচনা দেশৰ বিৰোধী দলৰ।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষাদ্বীপ ভ্ৰমণৰ ফটো মোদীৰ লগতে বিজেপিৰ বহুকেইগৰাকী নেতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই পুনৰ মনিপুৰ প্ৰসংগৰে সমালোচনা কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিখাৰ্জুন খাৰ্গে।

শনিবাৰৰে এক সংবাদ মেলত খাৰ্গে য়ে কয় যে লক্ষদ্বীপত প’জ দি ফটো তুলিবলৈ তথা সাঁতুৰিবলৈ সময় আছে কিন্তু আজি পৰ্যন্ত মনিপুৰৰ হিংসাত্মক, সংঘাত পূৰ্ণ পৰিস্থিতিৰ বুজ ল’বলৈ যোৱাৰ সাহস হোৱা নাই প্ৰধানমন্ত্ৰীৰ।

একে প্ৰসংগতে খাৰ্গে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্দিৰ উদ্বোধনত ব্যস্ত কিন্তু একে সময়তে আজি পৰ্যন্ত অশান্ত হৈ থকা মনিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰতি তেওঁৰ গুৰুত্ব দিয়াৰ সময় নাই।

সংবাদ মেল খনত তীক্ষ্ণ সমালোচনাৰে প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ দলৰ সভাপতি মল্লিখাৰ্জুন খাৰ্গে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.