অসম

অসমৰ ইতিহাসক জীয়াই ৰাখিবৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হ’ল সদনত?

প্রতিমা বৰুৱা পাণ্ডে সংগ্রহালয়ৰ বাবে ১৫ কোটি টকা ধাৰ্য

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। আজি সদনত উত্থাপিত হ’ল ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট। এতিয়া পৰ্যন্ত কি কি সিদ্ধান্ত লোৱা হৈছে বাজেটত?

◼️ডিব্ৰুগড়ৰ মানকটাত নতুন উৰণীয়া সেতুৰ প্ৰস্তাৱ
◼️মহানগৰীৰ যানজঁট লাঘৱৰ বাবে গোপীনাথ বৰদলৈ পথৰ ওপৰত নতুন উত্তোলিত পথ
◼️নগাঁও, গেলেকী, হাফলঙত ৩টা হেলিপেড নিৰ্মাণৰ প্ৰস্তাৱ
◼️ডিফুত গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে কেন্দ্ৰৰে যোগাযোগ
◼️যোৰহাট, শিলচৰ, লীলাবাৰী বিমানবন্দৰৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ
◼️বিশ্ববেংকৰ ৭৭০ কোটিৰ সাহায্যৰে ব্ৰহ্মপুত্ৰত ১৩টা সৰু সৰু জাহাজঘাটিৰ বিকাশ
◼️শ্ৰীমন্ত শংকৰদেৱৰ সৈতে সম্পৰ্কীত সকলো পৱিত্র স্থানক সামৰি বাছ সেৱাৰ প্রস্তাৱ
◼️পাটবাউসী সত্রৰ উন্নয়ন সাধিবলৈ প্রকল্পৰ প্রস্তাৱ
◼️আলাবৈ ৰণৰ স্মৃতিত ১০০ ফুট দৈৰ্ঘ্যৰ হেংদাং নিৰ্মাণৰ সিদ্ধান্ত
◼️যোৰহাট হোলোঙাপাৰত লাচিত বৰফুকনৰ সমাধি সংৰক্ষণ
◼️একে স্থানতে ১৫০ ফুট উচ্চতাৰ ব্রঞ্জৰ মূৰ্তি স্থাপনৰ সিদ্ধান্ত
◼️ছহিদ মণিৰাম দেৱানৰ সমাধি মেৰামতি তথা তত্বাৱধানৰ প্রস্তাৱ
◼️যোৰহাট কাৰগাৰক ঐতিহাসিকস্থলী হিচাপে, মুক্তি যোদ্ধা স্মাৰক হিচাপে গঢ়ি তোলাৰ প্রস্তাৱ
◼️ৰংঘৰত পোহৰ আৰু শব্দৰ সমাহাৰেৰে ৮০ বিঘা মাটিত প্রকল্পৰ প্রস্তাৱ
◼️ভূমি অধিগ্রহণৰ বাবে দিয়া হ’ব পুঁজি আৱণ্টন
◼️গমধৰ সমাধিৰ সৌন্দৰ্য বৰ্ধনৰ প্রস্তাৱ
◼️গোৱালপাৰা লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ সংগ্রহালয়ৰূপে গঢ়াৰ প্রস্তাৱ
◼️প্রতিমা বৰুৱা পাণ্ডে সংগ্রহালয়ৰ বাবে ১৫ কোটি টকা ধাৰ্য

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − six =

Check Also
Close
Back to top button