অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিশ্বনাথত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা… ডাইনী সন্দেহত নিৰ্যাতন মহিলাসহ ৪ জনকৈ লোকক

অন্ধবিশ্বাসৰ গ্ৰাসত বিশ্বনাথৰ দুখন গাঁও...

উল্লেখ্য যে, বিগত কিছু দিন ধৰি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ এই গাওঁ দুখনত সংঘটিত হৈ আছিল বিভিন্ন বেমাৰ আজাৰ। গাঁও দুখনৰ একাংশ শিশুয়ে কৰি আহিছিল অস্বাভাৱিক আচৰণ। এই ক্ষেত্ৰত গাঁওবাসীয়ে সন্দেহ কৰিছিল যে গাঁওখনত কোনোবাই অপশক্তি পুহি আছে যাৰ বাবে এনে আচৰণ কৰি আহিছে শিশু সকলে।

ইয়াৰ পিছতে অন্থাইবাৰীত থকা কালি মন্দিৰৰ পুজাৰী অঞ্জলী স্বৰ্গীয়াৰীৰ শৰণাপন্ন হয় গাঁওবাসী। অঞ্জলী স্বৰ্গীয়াৰীয়ে চোৱাচিতা কৰি গাঁওখনৰ চাৰিজন ব্যক্তিৰ কাৰণেই শিশু সকলে এনে আচৰণ কৰি আহিছে বুলি কয়। আনকি পুজাৰী অঞ্জলীয়ে নিৰ্দেশ দিয়ে যে এই লোক কেইজনক ধৰি বান্ধি মাৰপিত কৰিলেই সকলো কথা ওলাই পৰিব। লগে লগে পুজাৰীৰ অঞ্জলীৰ নিৰ্দেশ মানি  এগৰাকী মহিলা সহ  উক্ত চাৰিজন লোকক ডাইনী পোহাৰ সন্দেহত ধৰি বান্ধি শাৰিৰীক নিৰ্যাতন চলাই গাঁওবাসীয়ে।

ঘটনাৰ বিষয়ে জানিব পাৰি বালিচাং আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ মহিলা সহ লোক কেইজনক গাঁওবাসীৰ নিৰ্যাতনৰ পৰা উদ্ধাৰ কৰাৰ লগতে পূজাৰী অঞ্জলী স্বৰ্গীয়াৰী সহ মুঠ ৮ জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে দিপেন স্বৰ্গীয়াৰী, বুধিৰাম বসুমতাৰী, শুকুৰ বসুমতাৰী, ৰাজীৱ বসুমতাৰী, বলোৰাম বসুমতাৰী, শিৱ বড়ো আৰু বিজয় নাৰ্জাৰী। আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে নিশ্বনাথ চাৰিআলি আৰক্ষী থানাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ আনহাতে, আমি ডাইনী বিশ্বাস কৰো বুলিও অকপটে স্বীকাৰ গাঁওবাসীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 2 =

Back to top button