অসমসাহিত্য

ASSAM BOOK OF RECORDত নাম সন্নিৱিষ্ট হ’ল শিক্ষয়িত্রী জলি ডেকাৰজাৰ!

২৩ ঘন্টাৰ ভিতৰত সূতাৰে গামোচাত লিখি উলিয়ালে অসমৰ জাতীয় সংগীত

ASSAM BOOK OF RECORDত নাম সন্নিৱিষ্ট হ’ল বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ হাজী আজমত আলী বাটমাৰী হাইডুবি এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্রী জলি ডেকাৰজাৰ । ২৩ ঘন্টাৰ ভিতৰত সূতাৰে গামোচাত অসমৰ জাতীয় সংগীত লিখি উলিয়াই ASSAM BOOK OF RECORDলৈ পঠিয়াই জিলিকিল জলি ডেকাৰজা ।

সূতাৰে গামোচাত কোনো ফ্ৰেম নোহোৱাকৈ অসম জাতীয় সংগীত লিখি ASSAM BOOK OF RECORDত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল বটদ্ৰৱা শিক্ষা খণ্ডৰ এগৰাকী শিক্ষয়ত্রী। কামপুৰৰ নিবাসী এই শিক্ষয়ত্রী গৰাকীৰ নাম হ’ল জলী ডেকাৰজা। কৰ্মসূৰ্তে ধিঙত ভাৰা হিচাপে থাকে জলী। নিজৰ কৰ্মক্ষোত্ৰত ব্যস্ত থাকিও ২৩ ঘন্টাৰ ভিতৰত এখন গামোচাত সূতাৰে কোনো ধৰনৰ ফ্ৰেম ব্যৱহাৰ নকৰাকে অসমৰ জাতীয় সংগীত লিখি উলিয়াই। পিচত তেওঁ ASSAM BOOK OF RECORDSলৈ পঠিয়াই সেই তালিকাত সন্নবিষ্ট হ’বলৈ সক্ষম হয়। ইয়াৰ বাহিৰেও শিক্ষা বৃত্তিৰ লগত জড়িত হৈ আৰু আগুবাই গৈ INDIA BOOK OF RECORDত নাম সন্নিৱিষ্ট কৰিবলৈ মনত সপোন পুহি ৰখা বুলি উল্লেখ কৰে শিক্ষয়ত্রী জলী ডেকাৰজাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.