Government Schemeঅসমজীৱনশৈলীভাৰতৰাজনৈতিক

স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণাসমূহ

পলকতে চাওক মোদীৰ বৃহৎ ঘোষণাসমূহ

আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। উদযাপন কৰিছে সমগ্ৰ ভাৰতবৰ্ষই। সকলো ফালেই উলহ মালহ পৰিৱেশ।

স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পতাকা উত্তোলন কৰে। অষ্টমবাৰৰ বাবে মোদীয়ে দেশক স্বাধীনতা দিৱস উপলক্ষে সম্বোধন কৰে।

তাৰ পাছত মোডীয়ে নিজৰ ভাষণ সকলোকে আৰম্ভণিতেই শুভেচ্ছা জ্ঞাপন কৰি দেশখন আগবঢ়াই নিয়াৰ বাবে সকলো লোককে শুভকামনা জনাই। লগতে অলিম্পিক পদক বিজেতা সকলকো অভিবাদন জ্ঞাপন কৰে।

নিজৰ ভাষণতে স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইটামান বৃহৎ ঘোষণা কৰে-

দেশৰ ভিন্ন প্ৰান্তৰ পৰা কন্যা সকলৰ অনুৰোধ ৰক্ষা কৰি দেশৰ সকলো সৈনিক বিদ্যালয়তে কন্যাকো পঢ়াৰ অনুমতি।

ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছনৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। ইয়াৰ ফলত আত্মনিৰ্ভৰ হব ভাৰত।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ক্ষেত্ৰত ভাষা কেতিয়াও বাধা নহয় বুলি ঘোষণা। অলিম্পিকেই ইয়াৰ প্ৰকৃত উদাহৰণ।

২০০ বছৰৰ পৰা চলি অহা আইনৰ বাবে দেশৰ নাগৰিকে মেপিঙৰ ক্ষেত্ৰত বাধা পাইছিল। তেনে আইন সমাপ্ত কৰাৰ ঘোষণা।

পি এম গতি শক্তি যোজনা অতি সোনকালেই মুকলি কৰা হ’ব।

মোদীয়ে কয়, আজাদীৰ অমৃত মহোত্সৱৰ ৭৫ সপ্তাহত ৭৫ বন্দেভাৰত ৰেলে দেশৰ প্ৰতিটো কোনেই সংযোগ কৰিব।

বিশ্বৰ ভিতৰতে ভাৰতে সকতোকতৈ ডাঙৰ টীকাৰকৰণ অভিযান চলাই আছে। ৫৪ কোটিৰো অধিক লোকে ভেকচিন লৈছে।

লোকতন্ত্ৰৰ সফলতা এতিয়া কাশ্মিৰত দেখিবলৈ পোৱা গৈছে। ভৱিষ্যতে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলি আছে। লাডাখেও নিজৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে। আধুনিক যাতায়ত, শিক্ষাৰ আদিৰো প্ৰচলন দূৰ নহয় লাডাখৰ পৰা।

১৪ আগষ্ট তাৰিখটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে উদযাপনৰ বাবে ঘোষণা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 18 =

Back to top button