অসমদৈনিক বাতৰিবিশ্ব

আৰৱ সাগৰত সামুদ্ৰিক ধুমুহা বিপৰ্যয়ে আৰম্ভ কৰিছে তাণ্ডৱ

আৰৱ সাগৰত সামুদ্ৰিক ধুমুহা বিপৰ্যয়ে আৰম্ভ কৰিছে তাণ্ডৱ

আৰৱ সাগৰত সামুদ্ৰিক ধুমুহা বিপৰ্যয়ে আৰম্ভ কৰিছে তাণ্ডৱ। আজি গুজৰাট উপকূলকে ধৰি দেশৰ পশ্চিম উপকূলত ১৫০ কিলোমিটাৰ বেগত খুন্দা মাৰিব ধুমুহা বিপৰ্যয়ে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি গুজৰাটৰ কচ্ছ জিলাৰ জখো বন্দৰত খুন্দা মাৰিব বিপৰ্যয়ে।

ইতিমধ্যে পুৱাই উপকূলীয় অঞ্চল আৰু গুজৰাটত তীব্ৰবেগী বতাহ আৰু বৰষুণৰ ব্যাপক প্ৰভাৱ।  বিপৰ্যয়ৰ আগমনৰ পূৰ্বেই উপকূলীয় অঞ্চলত ইতিমধ্যে সমুদ্ৰত ডুবি মৃত্যু হৈছে ৯জনকৈ লোকৰ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাট চৰকাৰে সামুদ্ৰিক উপকূলীয় এলেকাৰ ১০ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত ৭ জিলাৰ পৰা স্থানান্তৰ কৰিছে প্ৰায় ৫০ হাজাৰ লোকক। সাহাৰ্য আৰু উদ্ধাৰ অভিযানৰ বাবে মোতায়েন কৰা হৈছে NDRFৰ বৃহৎ দল।

ভয়াৱহ গতিত উত্তৰ পশ্চিম উপকূলত খুন্দা মাৰিবলগীয়া সামুদ্ৰিক ধুমুহাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল আপাতকালীন বৈঠক। বৈঠকত অংশ লৈছিল NDRF, সেনা আৰু গৃহমন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াও। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মঙলবাৰে মিলিত হৈছিল বৈঠকত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.