অসমখেল

সুদীৰ্ঘ দহ বছৰৰ অন্তত অসমলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়ানুজ ভট্টাচাৰ্যই…

দহ বছৰৰ বিৰতিৰ অন্তত অসমৰ খেলুৱৈয়ে টেবুল টেনিছত এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। তথ্য অনুসৰি, ২০১২ চনতেই অন্তিমবাৰৰ বাবে Sub-Junior National Table Tennis Championshipsত বিজয়ী হ'বলৈ সক্ষম হৈছিল বিৰদী বড়ো।

অসম সন্তান প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সাফল্য। টেবুল টেনিছত পদক বিজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়ানুজে। ইন্দোৰৰ অভয় প্ৰসাল ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৮৩তম কেডেট আৰু চাব জুনিয়ৰ নেশ্যনেল টেবুল টেনিছ চেম্পিয়নশ্বিপত বিজয়ৰ খিতাপ আজুৰিলে প্ৰিয়ানুজ ভট্টাচাৰ্যই। ১৫ অনুৰ্ধ্বৰ ল’ৰাৰ টেবুল টেনিছত প্ৰিয়ানুজে হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দ্বীক ৪-২ পইণ্টত পৰাস্ত কৰিবলৈ সক্ষম হয়।

 

দহ বছৰৰ বিৰতিৰ অন্তত অসমৰ খেলুৱৈয়ে টেবুল টেনিছত এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। তথ্য অনুসৰি, ২০১২ চনতেই অন্তিমবাৰৰ বাবে Sub-Junior National Table Tennis Championshipsত বিজয়ী হ’বলৈ সক্ষম হৈছিল বিৰদী বড়ো।

 

 

প্ৰিয়ানুজৰ এই সাফল্যই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে অসম টেবুল টেনিছ সন্থাৰ লগতে সমগ্ৰ অসমবাসীক। ইতিমধ্যে, অসম টেবুল টেনিছ সংস্থাই খেলুৱৈজনক তেওঁৰ সাফল্যৰ বাবে প্ৰদান কৰিছে ২ লাখ টকাৰ উপহাৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.