দুৰ্ঘটনা

বাংলাদেশৰ কণ্টেইনাৰ ডিপোত বিস্ফোৰণ, আহত ৪৫০তকৈ অধিক লোক…

শনিবাৰে নিশা ৯ বজাত কণ্টেইনাৰ ডিপোত অগ্নিকাণ্ড হোৱাৰ ফলত মাজনিশা সংঘটিত হয় বিস্ফোৰণ। বিস্ফোৰণৰ ফলত জুইৰ শিখাই অধিক আৱৰি ধৰে চৌপাশ। এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে, ঘটনাস্থলীৰ ওচৰ-পাজৰে থকা আবাসগৃহৰ খিৰিকীৰ গ্লাছো ভাগি যায়।

বাংলাদেশৰ চট্টাগঙত অঘটন। ব্যক্তিগত কণ্টেইনাৰ ডিপোত হোৱা বিস্ফোৰণৰ ফলত আহত ৪ শতাধিক লোক। শনিবাৰে নিশা বাংলাদেশৰ কদমৰাচুল অঞ্চলৰ এটা কণ্টেইনাৰ ডিপোত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যুমুখত পৰে ৩৭ জন লোক।

 

 

শনিবাৰে নিশা ৯ বজাত কণ্টেইনাৰ ডিপোত অগ্নিকাণ্ড হোৱাৰ ফলত মাজনিশা সংঘটিত হয় বিস্ফোৰণ। বিস্ফোৰণৰ ফলত জুইৰ শিখাই অধিক আৱৰি ধৰে চৌপাশ। এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে, ঘটনাস্থলীৰ ওচৰ-পাজৰে থকা আবাসগৃহৰ খিৰিকীৰ গ্লাছো ভাগি যায়।

 

 

অগ্নিকাণ্ডৰ ফলত আঘাতপ্ৰাপ্ত হয় সাধাৰণ লোকৰ লগতে কৰ্তব্যৰত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক। খবৰ অনুসৰি ঘটনাত ৪৫০তকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে। ৩৫০জন লোকক Chattagram Medical College Hospital (CMCH)ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয় ৩৭জন লোকে। বৰ্তমানেও সংকটজনক অৱস্থাত আছে বহুকেইজন লোক। পৰৱৰ্তী সময়ত নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে।

 

 

অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে,  ৰাসায়নিক প্ৰতিক্ৰিয়াৰ বাবেই অগ্নিৰ সূত্ৰপাত হয় কণ্টেইনাৰ ডিপোটোত। তেওঁলোকে সন্দেহ কৰা অনুসৰি হাইড্ৰ’জেন পেৰাক্সাইডৰ পাত্ৰৰ পৰা অগ্নিৰ সূত্ৰপাত হৈ পৰৱৰ্তী সময়ত অন্য পাত্ৰলৈ দ্ৰুতগতিত জুই বিয়পি পৰে আৰু পৰৱৰ্তী সময়ত বিস্ফোৰণ সংঘটিত হয়। বৰ্তমানেও চট্টাগঙৰ ডিপোত ১৯খন অগ্নি নিৰ্বাপন বাহনে জুই নুমুওৱাৰ চেষ্টা চলাই আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 20 =

Back to top button