অপৰাধদুৰ্ঘটনাদৈনিক বাতৰি

ট্ৰেফিক আইন উলংঘা কৰিলে জৰিমনাৰ পৰিৱৰ্তে চাব লাগিব ৩ ঘন্টীয়া চিনেমা?

এই শাস্তি বহু লোকৰ বাবে জৰিমনাৰ টকাতকৈও অধিক যন্ত্ৰণাদায়ক হৈ পৰিছে

উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাৰ আৰক্ষীয়ে দুৰ্ঘটনা ৰোধৰ বাবে ট্ৰেফিক আইন উলংঘা কৰাসকলক জৰিমনাৰ পৰিৱৰ্তে কৰিছে বিশেষ শাস্তিৰ ব্যৱস্থা। এই শাস্তি বহু লোকৰ বাবে জৰিমনাৰ টকাতকৈও অধিক যন্ত্ৰণাদায়ক হৈ পৰিছে।

অলপতে মোৰাদাবাদ আৰক্ষীয়ে এদিনতে ৬০০ৰো অধিক ট্ৰেফিক নিয়ম উলংঘা কৰা লোকক আটক কৰিছিল কিন্তু আটক কৰাৰ পাছত আৰক্ষীয়ে তেওঁলোকক জৰমনা নিবিহিলে, চালানো নাকাটিলে, তাৰ পৰিৱৰ্তে ট্ৰেফিক আইন উলংঘা কৰাসকলক এটা প্ৰেক্ষাগৃহলৈ নি চাবলৈ দিলে ৩ ঘণ্টাৰ এখন দীঘলীয়া চিনেমা। এই চিনেমাখনত ট্ৰেফিক নিয়মৰ বিষয়ে আছে সকলো কথা। নিয়ম নামানিলে কেনেকৈ দুৰ্ঘটনা হয় সেয়াও দেখুওৱা হৈছে চিনেমাখনত।

শনিবাৰে মোৰাদাবাদত ট্ৰেফিক নিয়ম উলংঘাৰ প্ৰায় ৬০০টা ঘটনা হৈছিল। কিন্তু কোনো এজনৰে পৰা জৰমনা নলৈ আৰক্ষী থানাৰ কনফাৰেন্স হলত সকলোকে চাবলৈ দিলে এই চিনেমা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.