অসম

সদ্ভাৱনা প্ৰকল্পৰ শুভ উদ্বোধনী: অসম সচিবালয় ডিজিটেল কৰাৰ সপোন মুখ্যমন্ত্ৰীৰ

'সদ্ভাৱনাত প্ৰকল্প'ত দিয়া হ'ব এটা ফোন নম্বৰ। যদি কোনো লোকে আপোনাৰ কাম কৰোতে টকা বিচাৰে, তেন্তে এই নম্বৰত অভিযোগ দিব পাৰিব আপুনি।

আজিৰে পৰা শুভাৰম্ভণি হ’ল প্ৰজেক্ট সদ্ভাৱনাৰ। এই প্ৰকল্পৰ যোগেদি সচিবালয় ডিজিটেল কৰাৰ সপোন মুখ্যমন্ত্ৰীৰ।আজি কলাক্ষেত্ৰত প্ৰকল্পৰ আনুষ্ঠানিক মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰকল্পক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ।

অসম সচিবালয়ত যদি আপোনাৰ কামৰ কোনো ফাইল বন্ধ হৈ আছে, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কিয়নো সদ্ভাৱনা প্ৰকল্পৰ যোগেদি অতি সোনকালেই সম্পন্ন হ’ব আপোনাৰ সকলো কাম। সদ্ভাৱনা প্ৰকল্পৰ যোগেদি সকলোৱে চাব পাৰি নিজৰ ফাইলৰ কাম-কাজ। প্ৰকল্পৰ OTP নম্বৰৰ যোগেদি চাব পাৰিব ফাইলটোৰ সবিশেষ।

আনহাতে, ‘সদ্ভাৱনাত প্ৰকল্প’ত দিয়া হ’ব এটা ফোন নম্বৰ। যদি কোনো লোকে আপোনাৰ কাম কৰোতে টকা বিচাৰে, তেন্তে এই নম্বৰত অভিযোগ দিব পাৰিব আপুনি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.