অসম

এখন বিয়া! কিন্তু দৰা-কইনা ৩৫০ যোৰা, ক’ত হৈছে এইখন বিয়া?

বিয়া নাম, উৰুলি আৰু হোমযজ্ঞৰে একেলগে বিবাহত বহিল ৩৫০ যোৰাতকৈ অধিক দৰা-কইনা।

এখন ব্যতিক্ৰমী বিবাহ। বিয়া নাম, উৰুলি আৰু হোমযজ্ঞৰে একেলগে বিবাহত বহিল ৩৫০ যোৰাতকৈ অধিক দৰা-কইনা। আৰ্থিক সংকটৰ বাবে তেওঁলোকে কৰিব পৰা নাছিল বিবাহ।বিবাহ বাবে বস্ত্ৰ আৰু আ-অলংকাৰ সমূহো বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত দি হান্স ফাউণ্ডেশ্যনৰ সহযোগত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃত এই সামুহিক বিবাহ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত হয় ।

এই বিবাহ সংস্কাৰ অনুষ্ঠানটো সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মে সম্পূৰ্ণ হয় । ডিব্ৰুগড় জিলাৰ বিভিন্ন গাঁৱৰ লোকে এই বিবাহ কাৰ্যত অংশগ্ৰহণ কৰে । তেওঁলোকৰ একাংশই জানিবলৈ দিয়া অনুসৰি আৰ্থিক সংকটৰ বাবে তেওঁলোকে বিবাহ সংস্কাৰ কৰিব পৰা নাছিল । বিবাহ সংস্কাৰ বাবে বস্ত্ৰ আৰু আ-অলংকাৰ সমূহ উদ্যোক্তাই বিনামূলীয়াকৈ প্ৰদান কৰে । এই বিবাহ সংস্কাৰত তেওঁলোকে যাতে সমাজত সুন্দৰকৈ জীৱন নিৰ্বাস কৰিব পাৰে তাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button