অভিনয়জীৱনশৈলীবলিউডবোলছবিভাৰতমুম্বাইৰাজস্থান

বিবাহৰ পূৰ্বে কিয় অভিযোগৰ সন্মুখীন হ’ল কেটৰিণা কাঈফ আৰু বিকী কৌশল

দুই তাৰকাৰ বিবাহ লৈ এতিয়া সকলোফালে কৌতুহল আৰু চৰ্চা

বলীউডৰ আটাইতকৈ চৰ্চিত যুটি কেটৰিণা কাঈফ আৰু বিকী কৌশলে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ আগ বাঢ়িছে। কিন্তু তাৰ আগ মূহুৰ্ততেই অভিযোগৰ সন্মুখীন হৈছে এই যুটি৷

কেটৰিণা কাঈফ আৰু বিকী কৌশলে ৰাজকীয় ষ্টাইলত  ৰাজস্থানত পাতিব বিয়া। দুই তাৰকাৰ বিবাহ লৈ এতিয়া সকলোফালে কৌতুহল আৰু চৰ্চা। কিন্তু বিবাহৰ পুৰ্বে বিকি-কেটৰিণাৰ বাবে উত্থাপন হৈছে এটা অভিযোগ।
অভিযোগ অনুসৰি, ৰাজস্থানৰ চৱাই মাধোপুৰ জিলাত বিকি-কেটৰিণাৰ বিবাহৰ বাবে ৬ৰ পৰা ১২ডিচেম্বৰলৈ চৌথ মাতা মন্দিৰলৈ যোৱা পথটো বন্ধ কৰি দিয়া হৈছে৷ যাৰ বাবে বিৰোধিতা কৰিছে এগৰাকী অধিবক্তাই। নৈত্ৰবিন্দ সিং জাদৌনে নামৰ অধিবক্তাজনে জিলা আইনী সেৱা কৰ্তৃপক্ষৰ ওচৰত বিকি-কেটৰিণাৰ বিৰুদ্ধে দাখিল কৰিছে এক অভিযোগনামা(Complaint against Vicky Kaushal Katrina Kaif)৷

বিবাহৰ পূৰ্বে কিয় অভিযোগৰ সন্মুখীন হ'ল কেটৰিণা কাঈফ আৰু বিকী কৌশল

জানিব পৰা মতে, অধিবক্তা নৈত্ৰবিন্দ সিং জাদৌনে Hotel Six Sensesৰ মেনেজাৰ, কেটৰিণা, বিকী আৰু জিলা উপায়ুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। এই অভিযোগত ভক্তসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই মন্দিৰলৈ যোৱাৰ পথটো মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে অধিবক্তাগৰাকীয়ে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 14 =

Back to top button