AssamCMO AssamSocialSocial Networkঅৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়দিল্লীদৈনিক বাতৰিভাৰত

কেনেকৈ আছে কেজৰিৱাল?

কেজৰিৱালৰ নতুন ঠিকনা তিহাৰ জেল

কেজৰিৱালক তিহাৰ জেললৈ নিক্ষেপ । কেজৰিৱালৰ নতুন ঠিকনা তিহাৰ জেলৰ কুঠৰি নম্বৰ ৫ । তিহাৰ জেলৰ পৰায়ে চৰকাৰ চলাব নেকি কেজৰিৱালে । আজিৰ পৰা তিহাৰ জেলত কেজৰিৱাল । দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিহাৰ জেল এখন নিৰ্বাচিত চৰকৰাৰ ঠিকনা হৈ পৰিল । কাৰণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নতুন ঠিকনা হব তিহাৰ জেলৰ কুঠৰী নম্বৰ ৫ । সুৰা কেলেংকাৰীত EDৰ জিম্বাত থকা কেজৰিৱালক সোমবাৰে দিল্লীৰ ৰাউছ এভিনিউ কোৰ্টে । ১৫ দিনৰ ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰাৰ পাছতেই দিল্লী চৰকৰাৰ ভবিষ্যতক লৈ সন্দেহৰ উদ্ৰেক হৈছে । উল্লেখ্য যে EDৰ অভিযোগ, সোমবাৰে কেজৰিৱালৰ EDৰ জিম্বাৰ অন্ত পৰিছিল, কেজৰিৱালে ইডিক সহযোগ কৰা নাই । EDক বিভ্ৰান্ত কৰা চেষ্টা কেজৰিৱাল , কেজৰিৱালে তেওঁৰ কম্পিউতাৰৰ PASSWORD স্বেয়াৰ কৰা নাই । এই অভিযোগ কৰি ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ১৫ দিনৰ ন্যায়িক জিম্মা বিচাৰে, আদালতেও EDৰ প্ৰাৰ্থনা মঞ্জুৰ কৰে ।
জেললৈ নিক্ষেপ কৰাৰ পাছত , কেজৰিৱালে তিনিখন গ্ৰন্থ লগত নিয়াৰ অনুমতি বিচাৰে, গীতা,ৰামায়ন লগত ৰাখিব কেজৰিৱালে, কুঠৰিত টেবুল আৰু ছিয়াৰো ৰাখিব বিচাৰে কেজৰিৱালে, হয়তো কুঠৰিৰ পৰায়ে দিল্লী চৰকাৰ চলোৱাৰ পণ কৰিছেৱ কেজৰিৱালে ।
জেলত কেজৰিৱালে বিশেষ খাদ্য পৰিবেশৰ দাবী কৰা লগতে ওষধ ৰখাৰো অনুমতি বিচাৰে ।
কুঠৰিত কেনেদৰে থাকিব মুখ্যমন্ত্ৰী কেজৰিৱাল:
সূৰ্য উদয়ৰ লগে লগে খোল খাব কুঠৰিৰ দুৱাৰ
পুৱা ৬ বাজি ৩০ মিনিটত কেজৰিৱালত দিয়া হব চাহ-ব্ৰেড
মধ্যাহ্ন ভোজন ১০ বাজি ৩০ মিনিটত
বিয়লি ৩ বাজি ৩০ মিনিটত চাহ-দুখন বিস্কুট
দুপৰিয়া ১২ বজাৰ পৰা ৩ বজালৈকুঠৰি বন্ধ হব
উল্লেখ্য যে ৰাউছ এভিনিউ কোৰ্টে ৰায় দিয়াৰ পূৰ্বে কেজৰিৱালত ৰখাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল তিহাৰ জেল কৰ্তৃপক্ষই ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button