Socialখাদ্যভাৰত

Indori Poha:২৬ বছৰীয়া যুৱকে ১৯৪৯ চনত খুলিছিল প্ৰথমখন পৌহাৰ দোকান, এতিয়া দৈনিক ১৭০ কুইন্টল পৌহা খায় ইন্দোৰৰ জনতাই…

মনত কিবা এটা কৰাৰ হেঁপাহ পুহি ৰখা পুৰুষোত্তমে ইন্দোৰৰ তিলক পথত আৰম্ভ কৰে 'উপহাৰ গৃহ' নামেৰে এখন পৌহাৰ দোকান।

এজন পৌহাৰ ব্যৱসায়ী। পুৰুষোত্তম যৌশী নামৰ এজন ব্যৱসায়ীয়ে ১৯৪৮-৪৯ চনত প্ৰথমবাৰৰ বাবে পুৰুষোত্তমে ইন্দোৰত আৰম্ভ কৰিছিল পৌহাৰ দোকান। সময় বাগৰিল, সলনি হ’ল ইন্দোৰৰ পৰিৱেশ। তথাপি এতিয়াও সকলোৰে বাবে প্ৰিয় এই খাদ্য।

চাকৰিৰ সন্ধানত মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ পৰা ইন্দোৰলৈ ওলাই আহিছিল পুৰুষোত্তম যোশী নামৰ এজন ২৬ বছৰীয়া যুৱক। মনত কিবা এটা কৰাৰ হেঁপাহ পুহি ৰখা পুৰুষোত্তমে ইন্দোৰৰ তিলক পথত আৰম্ভ কৰে ‘উপহাৰ গৃহ’ নামেৰে এখন পৌহাৰ দোকান।

সেই সময়তে ১০ ৰ পৰা ১২ পইচাত পোৱা পৌহাৰ প্লেটখনৰ দাম এতিয়া হ’লগৈ ১৫ টকা। ইন্দোৰত খোলা এইখনেই আছিল প্ৰথম পৌহাৰ দোকান। বৰ্তমান ইন্দোৰত আছে ২৬০০ খন পৌহা বিক্ৰী কৰা দোকান।

পৌহাৰ সুগন্ধৰে আমোলমোলাই থকা ইন্দোৰত ১৯৫০ চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুকো আপ্যায়ন কৰা হৈছিল পৌহা। আনকি অমিতাভ বচ্চনৰ টিভি শ্ব’ কৌন বনেগা কৰৌৰপতিতো ইন্দোৰৰ পৌহা প্লেটৰ সম্পৰ্কত সোধা হৈছিল প্ৰশ্ন।

ভাৰতৰ ভিতৰত অন্যতম ইন্দোৰৰ পৌহা। ইন্দোৰত দৈনিক পুৱাৰ আহাৰ হিচাপে ২৬০০ খন দোকানত প্ৰায় ১৭০ কুইন্টল পৌহা খায় ইন্দোৰৰ জনতাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.